ETV Bharat / state

দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক'ভিড হাস্পতাল

author img

By

Published : Jul 25, 2020, 2:15 PM IST

যোৰহাটত দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলি আছে অস্থায়ী ক’ভিড চিকিৎসালয় । আগন্তুক দহ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই চিকিৎসালয় ৷

covid-hospital
covid-hospital

যোৰহাট, 25 জুলাই : ৰাজ্যত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে ৰাজ্যত ২৯ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড আক্ৰান্তৰ সংখ্যাই । ব্যক্তিক্ৰম নহয় যোৰহাট জিলাও । যোৰহাটত ১২00 ৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত । দৈনিক বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে সকলো চৰকাৰী চিকিৎসালয় পৰিপূৰ্ণ হৈ পৰিছে ৰোগীৰে ।

দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক’ভিড হাস্পতাল
ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যোৰহাট জিলা প্ৰশাসনৰ লগত আলোচনা কৰি এখন অস্থায়ী ক’ভিড চিকিৎসালয় নিৰ্মাণ কাম আৰম্ভ কৰিছে । য’ত ৩০০ ৰোগীৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যাব । এই অস্থায়ী ক’ভিড চিকিৎসালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচত যোৰহাটত ক’ভিডত আক্ৰান্ত লোকক সু-চিকিৎসা প্ৰদান কৰিব পাৰিব বুলি আশাবাদী প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ।

লগতে পঢ়ক : জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে পৰিপূৰ্ণ আহোমৰ ৰাজধানী গড়গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.