যোৰহাট, 25 ফেব্ৰুৱাৰী: যোৰহাটস্থিত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ জিলা কেইখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
এই প্ৰশিক্ষণ সমাৰোহত উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত বৰ্তমান এটা সম্পর্ক স্থাপন হৈছে ৷ এই সু-সম্পর্কৰ দ্বাৰা এই চাহ উদ্যোগটো আগবাঢ়ি যোৱাত সহায়ক হ’ব বুলি সমাৰোহত প্ৰকাশ কৰা হয় ৷