যোৰহাট, 7 ডিচেম্বৰ : যোৰহাট কাছাৰী ময়দানত 9 ডিচেম্বৰত অনুষ্ঠিত হ’ব তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ যোৰহাট কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। অহা 8 ডিচেম্বৰত প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত সদভাৱনা যাত্ৰাও আয়োজন কৰা হৈছে । এই যাত্ৰাত অংশগ্ৰহণ কৰিব পুত্ৰ গৌৰৱ গগৈয়ে । লগতে অনুষ্ঠানত উপস্থিত থাকিব পত্নী ডলী গগৈৰ লগতে বহু কংগ্ৰেছ নেতা ।
গুৱাহাটীৰ পৰা 9 ডিচেম্বৰত তৰুণ গগৈৰ অস্থি যোৰহাট আহি পোৱাৰ লগে লগে যোৰহাটৰ কাছাৰী ময়দানত পুৱা 9:30 বজাৰ পৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰয়াত তৰুণ গগৈৰ পবিত্ৰ অস্থিত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব সাধাৰণ ৰাইজে । আনহাতে প্ৰয়াত তৰুণ গগৈৰ ল’ৰালি কালৰ বন্ধু সকলক সম্বৰ্ধনা জনোৱা হ’ব। ইয়াৰ উপৰিও পুত্ৰ গৌৰৱ গগৈয়ে প্ৰয়াত যোৰহাটৰ তিনিখনকৈ মহাবিদ্যালয় লৈ প্ৰদান কৰিব তৰুণ গগৈৰ জীৱনিমূলক গ্ৰন্থ ৷
দিনৰ 2:30 বজাত চহৰখনৰে মাজৰে নিমাটিঘাটলৈ পুষ্পসৰ্জিত বাহনৰে যাত্ৰা কৰিব। সন্ধিয়া ভাগতে ব্ৰহ্মপুত্ৰত দিয়া হ’ব অস্থি বিসৰ্জন । সোমবাৰে যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হোৱা সংবাদ মেলত এই কথা ঘোষণা কৰিছে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে। এই অনুষ্ঠানৰ বাবে এখন শক্তিশালী কমিতি গঠন কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:তিতাবৰীয়া ৰাইজে আয়োজন কৰিলে প্ৰয়াত তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ