ETV Bharat / state

তিতাবৰতো নিষিদ্ধ হ'ল তবলিগী জামাত - tablighi jamaat

দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ কাণ্ডৰ পিছতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে তিতাবৰৰ মেলামাটি মছজিদ কমিটীয়ে ৷ কোনো ব্যক্তিয়ে নিয়ম উলংঘা কৰিলে মেলামাটি জামাতে ল'ব কঠোৰ ব্যৱস্থা ৷ ইতিমধ্যে মেলামাটি মছজিদ কমিটীৰ এই পদক্ষেপৰ বাবে শলাগ লৈছে বিভিন্নজনে ৷

tablighi jamaat banned at titabor
তিতাবৰত তবলীগী জামাত নিষিদ্ধ ঘোষণা
author img

By

Published : Apr 7, 2020, 5:47 PM IST

তিতাবৰ,7 এপ্ৰিলঃ তিতাবৰত তবলিগী জামাত নিষিদ্ধ ঘোষণা কৰিলে তিতাবৰ মেলামাটি মছজিদ কমিটীয়ে । দিল্লীৰ নিজামুদ্দিনৰ মাকাৰ্জলৈ যোৱা লোকসকলৰ পৰা সাম্প্ৰতিক সময়ত যেনেধৰণে কৰ'ণা ভাইৰাছ বিয়পি পৰিল তাকে লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ নিজামুদ্দিনৰ তবলীগী জামাতৰ কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰৰ মেলামাটি মছজিদ কমিটীয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰী কৰিছে তিতাবৰৰ মেলামাটি মছজিদ কমিটীয়ে ৷

তিতাবৰত তবলীগী জামাত নিষিদ্ধ ঘোষণা

এই জাননী জাৰী কৰাৰ উদ্দেশ্যে এটাই যাতে কোনো বাহিৰৰ লোক তবলিগীৰ বাবে মেলামাটিলৈ আহিব নোৱাৰে । কোনো ব্যক্তিয়ে নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মেলামাটি মছজিদ কমিটীয়ে ৷ উল্লেখ্য যে, এই পদক্ষেপৰ প্ৰতি সমূহ তিতাবৰবাসীয়ে আদৰণি জনাইছে ।

লগতে পঢ়কঃকোৱাৰেণ্টাইন কেন্দ্ৰত আছে সকলো যাৱতীয় সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.