ETV Bharat / state

যোৰহাটত ছাত্ৰৰ আত্মহত্যা

যোৰহাটত পুনৰ সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা ৷ পল্লৱ গগৈ নামৰ ধেমাজিৰ এজন যুৱকে পেয়িং গেষ্ট হিচাপে বাস কৰা কোঠাৰ চিলিঙত চিপ লৈ আত্মহত্যা কৰে ৷ আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই ৷

Suicide of student jorhat assam etv bharat news
আত্মহত্যা
author img

By

Published : May 13, 2020, 12:11 PM IST

যোৰহাট,13 মে’: যোৰহাটত সংঘটিত হৈছে ক্ৰমাগত দ্বিতীয়টো আত্মহত্যাৰ ঘটনা ৷ মংগলবাৰে অসম কৃষি বিশ্ববিদ্য়ালয় চৌহদত এজন অধ্যাপকে আত্মহত্যা কৰাৰ 24 ঘণ্টা অতিক্ৰম নকৰোতেই চহৰখনৰ এজন যুৱকে আত্মহত্যা কৰে ৷ যোৰহাটৰ ফুকন আলিত সংঘটিত হৈছে এই ঘটনা ৷ পল্লৱ গগৈ নামৰ যুৱকজনে বাস কৰা কোঠাৰ চিলিঙত চিপ লৈ আত্মহত্যা কৰে ৷ যোৰহাট আই টি আইত অধ্যয়নৰত যুৱকজনৰ ঘৰ ধেমাজি জিলাৰ ঢকুৱাখনাৰ সাপতিয়াত ৷

যোৰহাটত ছাত্ৰৰ আত্মহত্যা

এইপৰ্যন্ত যুৱকজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ বিগত প্ৰায় এবছৰে উক্ত ঘৰটোত পেয়িং গেষ্ট হিচাপে বাস কৰিছিল ধেমাজিৰ যুৱকজনে ৷ লক্​ ডাউনৰ পূৰ্বে ঢকুৱাখনাৰ ঘৰলৈ যোৱা যুৱকজন এমাহৰ পূৰ্বে যোৰহাটলৈ ঘূৰি আহিছিল ৷ একেৰাহে দুদিনত যোৰহাটত সংঘটিত দুটাকৈ আত্মহত্যাৰ ঘটনাই স্বাভাৱিকতে চহৰখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

লগতে চাওকঃ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল অৰ্ধশতাধিক দোকান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.