ETV Bharat / state

AAU students in Philippines : ফিলিপাইনছৰ ধান গৱেষণা কেন্দ্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী - কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আহৰণ

শনিবাৰে ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানলৈ ৰাওনা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam Agricultural University)10 গৰাকী শিক্ষাৰ্থী । ধান খেতিৰ শেহতীয়া প্ৰযুক্তিৰ বিষয়ত দুমাহজোৰা উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উদ্দেশ্যে এই শিক্ষাৰ্থীসকল ফিলিপাইনছলৈ ৰাওনা হৈছে (AAU students in Philippines) ।

Assam Agricultural University
ফিলিপাইনছলৈ ৰাওনা অসম কৃষি বিশ্ববিদ্যালয়ৰ এদল শিক্ষাৰ্থী
author img

By

Published : Jan 7, 2023, 6:44 PM IST

যোৰহাট,৭ জানুৱাৰী : শনিবাৰে ফিলিপাইনছলৈ ৰাওনা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam Agricultural University) এটা শিক্ষাৰ্থীৰ দল ৷ ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানত (International Rice Research Institute) কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আহৰণৰ জৰিয়তে দক্ষতা বৃদ্ধিৰ বাবে এই শিক্ষাৰ্থীৰ দলটো ফিলিপাইনছলৈ গৈছে (AAU students in Philippines) । এই দলটোত আছে 10 গৰাকী শিক্ষাৰ্থী ৷

তথ্য অনুসৰি, অসম কৃষি বিশ্ববিদ্যালয় অন্তৰ্গত যোৰহাট কৃষি মহাবিদ্যালয় আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এই 10 গৰাকী শিক্ষাৰ্থীৰ দলটোৱে ফিলিপাইনছৰ মেনিলাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোত সম্পূৰ্ণ দুমাহজোৰা বিশেষ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব । বিশেষকৈ বীজ প্ৰক্ৰিয়াকৰণ আৰু নিয়মিত বীজৰ স্বাস্থ্য পৰীক্ষা তথা সংৰক্ষণৰ দিশত শেহতীয়া প্ৰযুক্তিগত উন্নয়ন আৰু সম্প্ৰসাৰণৰ উচ্চ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কাৰ্যসূচীৰ অধীনত বিশ্ব বেংকৰ পুঁজিৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জৰিয়তে ৰূপায়িত ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ অধীনত হাতত লোৱা এই কাৰ্যসূচীৰ আৰম্ভণিতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই অনলাইনযোগে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই শিক্ষাৰ্থীসকলক উৎসাহিত কৰে ।

এই প্ৰশিক্ষণৰ ফলত বিদেশৰ উন্নত কৃষি পদ্ধতিৰে জ্ঞান লাভৰ জৰিয়তে নিজস্ব দক্ষতা বৃদ্ধি কৰি এই দিশত উন্নতি কৰাৰ যথেষ্ট অৱকাশ আছে বুলি উল্লেখ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে । অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প(নাহেপ)ৰ সমন্বয়ক ড৹ কিশোৰ কুমাৰ শৰ্মাই আঁতধৰা শুভাৰম্ভণি কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড৹ জয়ন্ত ডেকা আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণাপ্ৰতাপ ভূঞায়ো শুভেচ্ছামূলক বক্তব্য আগবঢ়াই শিক্ষাৰ্থীসকলক উৎসাহিত কৰে ৷

উল্লেখ কৰাৰ প্ৰয়োজন যে, অসমত কৃষি বিপ্লৱৰ বৈপল্লৱিক জোৱাৰ অনাৰ আৰু কৃষি জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে অসম কৃষি বিশ্ববিদ্যালয়ে । ইয়াৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী শিক্ষাৰ্থীয়ে ধানৰ বীজৰ ওপৰত গৱেষণা বাবে ফিলিপাইনছলৈ ৰাওনা হৈছে ।

তেওঁলোকে তাত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি, সেই শিক্ষাৰে তেওঁলোকে অসম তথা দেশৰ কৃষকসকলক উচ্চ উৎপাদনক্ষম বীজৰ সুবিধা কৰি দিব পাৰিব । বৰ্তমান কৃষকসকলে পুৰণিকলীয়া বীজৰ জৰিয়তে কৃষি কৰ্মৰ কৰি আহিছে ৷ ফলত তেওঁলোকে অধিক উৎপাদনৰ পৰাৰ বঞ্চিত হৈ আহিছে ।

এনে মহান উদ্দেশ্য সৰোগত কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী এটা দল বিদেশলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক : Sonitpur district Sahitya Sabha: মিছামাৰীত 6 টা ভাষাত পৰিৱেশন অসম সংগীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.