মৰিয়নী, 10 মে': এফালে দেশজুৰি লক্ ডাউন আনফালে ৰাজ্যত ধুমহা ৷ ৰাজ্যৰ কৃষকসকলৰ খেতিপথাৰত উৎপাদিত সামগ্ৰীসমূহ বজাৰৰ অভাৱত খেতিপথাৰতে নষ্ট হোৱাৰ পাছত এইবাৰ প্ৰকৃতিৰ তাণ্ডৱলীলা ৷ মৰিয়নীৰ ঋষিকেশ শইকীয়া নামৰ উচ্চশিক্ষিত যুৱকজনে চাকৰিৰ পাছত নদৌৰি আন 10 জনকো স্বাৱলম্বী কৰাৰ উদ্দেশ্যে কৃষি কৰ্মত হাত উজান দিছিল । শেহতীয়াকৈ যুৱ খেতিয়কজনে ভোটজলকীয়াৰ খেতিত মনোনিৱেশ কৰিছিল ৷ কিন্তু শনিবাৰে নিশা অহা শিল বৰষুণৰ ফলত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন খেতিয়কজন ৷
প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰায় 4,5 লাখ টকাৰ ভোটজলকীয়াৰ নষ্ট হোৱা বুলি সাংবাদিকক অৱগত কৰিছে কৃষকজনে ৷ ইপিনে লক্ ডাউনৰ ফলত ফচলসমূহ বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে পথাৰতে পচিছে ফচলসমূহ ৷ প্ৰাকৃতিৰ ৰুষ্ট ৰূপেই হওঁক বা লক্ ডাউনৰ প্ৰভাৱতে হওঁক এনেদৰে খেতিপথাৰত অনিষ্ট হোৱাৰ ফলত গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পৰাটো নিশ্চিত ৷