যোৰহাট, ২২ জুন: অনুসূচিত জনজাতি তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত যোৱা ৩ মে'ত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নৰ দ্বাৰা আয়োজিত এক সমদলৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হৈছিল মণিপুৰত । তাৰ পিছৰে পৰা প্ৰতিদিনেই মণিপুৰত সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা । এই পৰিস্থিতিকলৈ এক অশান্তময় পৰিৱেশৰ সৃষ্টি হৈছে মণিপুৰত ।
অশান্ত মণিপুৰৰ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত বুধবাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী । এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাটত শিক্ষাগ্ৰহণ কৰি থকা এজন মণিপুৰী ছাত্রই । ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি মণিপুৰী ছাত্ৰগৰাকীয়ে কয় যে, আজি অশান্ত মণিপুৰৰ বিভিন্ন প্ৰান্তত শুনা গৈছে গুলী বাৰুদৰ শব্দ ।
সেয়েহে অশান্ত মণিপুৰক শান্ত কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনায় কেন্দ্ৰক । এই সংঘৰ্ষই মণিপুৰত বিভেদৰ পাচত বিভেদ সৃষ্টি কৰিছে । মণিপুৰৰ অশান্ত পৰিৱেশ শাম কটাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হস্তক্ষেপ কৰিবলৈ কাতৰ আহ্বান আৰু অনুৰোধ জনায় যোৰহাটত শিক্ষাগ্ৰহণ কৰি থকা মণিপুৰৰ ছাত্ৰগৰাকীয়ে । লগতে তেওঁ কেন্দ্ৰ চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনে হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে, অশান্ত মণিপুৰ, আজিও ঘূৰি অহা নাই শান্তিৰ পৰিৱেশ । সেয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন, বীৰেণ সিং চৰকাৰখন ভংগ কৰা আৰু শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি পলাশ চাংমাই, বিভিন্ন দল-সংগঠনৰ নেতা বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে । তাৎপৰ্যপূৰ্ণ যে, এই কাৰ্যসূচীত মণিপুৰৰ পৰাৰ আহি যোৰহাটত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায় কৰি থকা বহু মণিপুৰী লোকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Fire Break out: আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা এজনৰ