ETV Bharat / state

পহিলা আঘোণৰ শিলাবৃষ্টিয়ে তচনচ কৰিলে চহা কৃষকৰ সপোন

যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলত মঙলবাৰে হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বহু কৃষকৰ সোণোৱালী সপোন ভাঙি চাৰ-খাৰ কৰে ৷ পকা ধান চপোৱাৰ সময়তে অহা শিলাবৃষ্টি, ধুমুহাৰ ফলত তচনচ ধাননি পথাৰ । বিপাঙত পৰিছে টীয়কবাসী ।

Teok storm
টীয়কত ধুমুহা
author img

By

Published : Nov 18, 2020, 11:57 AM IST

টীয়ক,18 নৱেম্বৰ : আঘোণৰ পহিলা দিনটোতে যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলত মঙলবাৰে বিয়লি ভাগত প্ৰচণ্ড ধুমুহাৰ লগতে অহা শিলাবৃষ্টিয়ে শস্যৰ পথাৰত ব্যাপক অনিষ্ট সাধন কৰে, যাৰ ফলস্বৰূপে বহু কৃষকৰ সোণোৱালী সপোন ভাঙি চাৰ-খাৰ হোৱাৰ উপক্ৰম হৈছে ।

বৰষুণৰ বাবে শস্যৰ পথাৰত জমা হোৱা একাঠু পানীত গেৰ ধৰা ধান সৰি যোৱাত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উপৰ্যুপৰি অহা বানে ভাঙি পেলোৱা কৃষকৰ সপোন বহু কষ্টৰে পুনৰ গঢ় দিয়াৰ পাচত পকা ধান চপোৱাৰ সময়তে অহা শিলাবৃষ্টি, ধুমুহাই তচনচ কৰিলে ধাননি পথাৰ ।

টীয়কত ধুমুহা

ইয়াৰোপৰি ধুমুহা জাকে অঞ্চলটোৰ বিভিন্ন স্থানত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি কৰে । খেতি পথাৰ, ঘৰ-দুৱাৰ সকলো নষ্ট হোৱাৰ ফলত এতিয়া বিপাঙত পৰিছে টীয়কবাসী । হাহাকাৰ অৱস্থাত চকুলো টুকিছে সমগ্ৰ অঞ্চলবাসীয়ে । ইফালে ধুমুহাৰ পাচৰে পৰাই বিদ্যুৎ যোগান ব্যাহত হৈ আছে সমগ্র অঞ্চলটোত ।

লগতে পঢ়ক : জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে কলগাছিয়াবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.