ETV Bharat / state

Assam Jatiya Vidyalaya: চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল সাংস্কৃতিক প্ৰদৰ্শনৰে উজ্বলিল জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ

author img

By

Published : May 6, 2023, 9:57 PM IST

চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ ৷ ২৬ খন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহত (state conference of Assam Jatiya Vidyalaya) ৷

state conference of assam jatiya vidyalaya
জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ

যোৰহাট, 6 মে’ : যোৰহাটৰ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা অসম জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৮ বজাত অসম জাতীয় বিদ্যালয় শৈক্ষিক সংসদ আৰু জিলা সমন্বয়ৰক্ষী সমিতিৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় । অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতিসকলে একেসময়তে পতাকাসমূহ উত্তোলন কৰে (state conference of Assam Jatiya Vidyalaya) ।

আনহাতে দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে কথোপকথন অনুষ্ঠানত অসমৰ বিভিন্ন জাতীয় বিদ্যালয়ত অধ্যয়ন কৰি দেশে-বিদেশে প্ৰতিষ্ঠা লাভ কৰা অৱন্তিকা পৰাশৰ, ডঃ ধৃতি মহন্ত, অংকুৰজ্যোতি ভূঞা, কৌস্তভ ৰয়, তন্ময় শৰ্মা, ডঃ জুৰি গোস্বামী, বিকাশজ্যোতি গৌতম, ৰমন চুতীয়া আদি প্ৰাক্তন শিক্ষাৰ্থীসকলে নিজৰ অভিজ্ঞতা আৰু তেওঁলোকৰ বৌদ্ধিক-মানসিক ভেঁটি গঠনত জাতীয় বিদ্যালয়সমূহৰ ভূমিকাৰ কথা সোঁৱৰণ কৰে । অনুষ্ঠানটোৰ আঁত ধৰে অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী তথা যোৰহাট জিলা সংগ্ৰহালয়ৰ বিষয়া অৱন্তিকা পৰাশৰে ।

বৰ্তমান ইটালীৰ মিলানত IKEA নামৰ এটি আন্তর্জাতিক কোম্পানীত Product Development আৰু Production অভিযন্তা হিচাপে কৰ্মৰত হৈ থকা ৰমন চুতীয়াই অনুষ্ঠানটি অংশগ্ৰহণ কৰি কয় যে মানুহে সপোন দেখিব লাগে । সপোন দেখিলেহে মানুহ সফল হয় । ‘বৰ্তমান মই ইটালীৰ আন্তৰ্জাতিক কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছোঁ । মই এটা কথা অনুভৱ কৰিছো বিদেশত কাম কৰিবলৈ মাতৃভাষা কেতিয়াও অন্তৰায় হোৱা নাই’, বুলি মত প্ৰকাশ কৰে তেওঁ ।

আনহাতে জাপানত জ্যেষ্ঠ ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত অংকুৰ জ্যোতি ভূঞাই কয় যে, এগৰাকী প্ৰশাসনিক বিষয়া হবলৈ তিনিটা কথা প্ৰয়োজন । সেই কেইটা হ’ল কিয়, কেনেকৈ আৰু কেতিয়া । প্ৰথম কথা নিজকে প্ৰশ্ন কৰিব লাগে তেওঁ কিয় প্ৰশাসনিক বিষয়া হ’ব খোজে । কাৰণ প্ৰশাসনিক সকলৰ বহু সামাজিক দায়িত্ব থাকে । তেওঁলোকে জানিব লাগিব যে তেওঁলোকে সমাজৰ বাবে কিবা এটা কৰিব লাগে ।

ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ শৈক্ষিক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞানী, সাহিত্যিক, অভিধান প্ৰণেতা ড৹ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ তথা চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁই আৰু বিশিষ্ট চিন্তাবিদ তথা মননশীল লেখক ময়ূৰ বৰা । সমৃদ্ধিশালী অসমীয়া ভাষাটোত বৰ্তমান সময়ত দেখা দিয়া বেমেজালিসমূহ আঙুলিয়াই ড৹ দীনেশ চন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ প্ৰতি সচেতন হ'বলৈ সকলোকে আহ্বান জনায় ।

সংস্কৃতি হেৰাই যোৱা মানে পৰিচয় হেৰাই যোৱা বুলি মন্তব্য কৰি ড৹ দয়ানন্দ বৰগোহাঁয়ে অসমীয়া জাতি সত্তাৰ সংৰক্ষণ-সংবৰ্ধনৰ হকে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় । সভাত উপস্থিত থকা আনগৰাকী বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই জাতীয় বিদ্যালয়ৰ যাত্ৰা এক প্ৰাণসঞ্চাৰী যাত্ৰা বুলি উল্লেখ কৰি অসম জাতীয় বিদ্যালয়ে নীৰৱে কৰা আন্দোলন অসমীয়াৰ সন্মানৰ ৰক্ষাকবচ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । এই অনুষ্ঠানতে বিদ্যাভৱন, ডিমুৱালৰ প্ৰতিষ্ঠাতা ফণী চেতিয়াৰ জীৱন আৰু কৃতি সম্পৰ্কীয় অভিনন্দন গ্ৰন্থ 'যুগদ্ৰষ্টা' উন্মোচন কৰা হয় । শৈক্ষিক সভাখনৰ আঁত ধৰে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে (Assam Jatiya Vidyalaya) ।

বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান 'গীত মাতৰ গধূলি' উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই । ভাষণ প্ৰসংগত বৰুৱাই অসম জাতীয় বিদ্যালয়ত উপস্থিত হ'লে সমগ্ৰ অসমৰে আপোন গোন্ধ পোৱা বুলি উল্লেখ কৰি এই স্বকীয় গোন্ধ সদায় নিজৰ মাজত সামৰি ৰাখিবলৈ শিক্ষাৰ্থীসকলক অনুৰোধ জনায় । গীতে-মাতে গধূলি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, ডিব্ৰুগড়, গোলাঘাট, হোজাই, যোৰহাট, কামৰূপ উত্তৰ, কামৰূপ দক্ষিণ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও,নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ জাতীয় বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : Millet Mission 2023: চিৰাঙত মিলেট খেতিৰ সন্দৰ্ভত সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.