যোৰহাট,22 ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগত মঙলবাৰে যোৰহাট জিলা ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত ছাত্ৰ ছাত্ৰী তথা যুৱক-যুৱতী সকলে "মোৰ চাকৰি ক'লৈ গ'ল" শীৰ্ষক এক বিক্ষোভ কাৰ্যসূচী হাতত লয় ৷
যোৰহাট জিলাৰ বিষ্টুৰাম বৰুৱা হল চাৰিআলিৰ পৰা প্ৰতিবাদ আৰম্ভ কৰি ৰাজপথৰ মাজেৰে গৈ প্ৰতিবাদকাৰী সকলে যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ৷ "মোৰ চাকৰি ক'লৈ গ'ল" শীৰ্ষক এই বাক্যক আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ হুংকাৰ দি প্ৰতিবাদকাৰী সকলে খালী পদ সমূহ পূৰণ কৰাৰ লগতে দুৰ্নীতি মুক্ত নিযুক্তিৰ দাবী উত্থাপন কৰে ৷
এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে 6000 টকা নিবনুৱা ভাট্টাৰ দাবী জনাই আৰু লগতে অসমীয়া যুৱক যুৱতীক নিযুক্তি দিয়া,উদ্যোগ সমূহ পুনৰুজ্জিৱিত কৰা আৰু স্বয়ং আঁচনি ৰূপায়ন কৰাৰো দাবী উত্থাপন কৰে
লগতে পঢ়ক:মুখ্যমন্ত্ৰী নীতিশ কুমাৰক চাবলৈ গৈ জনতাই গচকিলে 5 একৰ খেতিপথাৰ