ETV Bharat / state

Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

author img

By

Published : Jun 25, 2022, 5:12 PM IST

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে যোৰহাট জিলা (Sensational murder in Jorhat)। নিশা একেটা পৰিয়ালৰে তিনি সদস্যক কোনো লোকে ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Sensational murder in Jorhat
ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

যোৰহাট, ২৫ জুন : যোৰহাটৰ মৰিয়নিত লোমহৰ্ষক ঘটনা (Murder case in Jorhat)। মৰিয়নি নকছাৰি খাটিচোনাত সংঘটিত হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ (Body of a family recovered inside house)। অৰ্ধনগ্ন অৱস্থাত দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ঘটনাৰ ৰহস্য ফাদিলৰ বাবে স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে অনুসন্ধান চলাইছে । তিনিওটা মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিন্তু এতিয়ালৈ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Sensational murder in Jorhat : ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

জানিব পৰা মতে লক্ষীপুৰৰ পৰা আহি জীৱন লাহন নামৰ এজন লোকৰ ইটা ভাটাত ভাটা ৰখীয়া হিচাপে আছিল পৰিয়ালটো ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈছে । ঘটনাৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনাও উক্ত স্থানত উপস্থিত হৈ তদন্ত ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে ।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে এয়া হত্যাকাণ্ড আৰু ইতিমধ্যে আৰক্ষীয়ে এখন চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে । অতি শীঘ্ৰে ঘটনাৰ অপৰাধী আটক কৰা হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে । আনহাতে মহিলা দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । অৱশ্যে এই সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সঠিকভাৱে ক'ব পৰা যাব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে । হত্যাৰ বলি হোৱা লোক কেইগৰাকী সোনতি বৰা, জীয়াৰী মনালিছা বৰা আৰু মাতৃ তুলু বৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Mysterious Death in Guwahati : ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.