ETV Bharat / state

Heat waves in Assam:সাগৰীয় এল লিন'ৰ প্ৰভাৱত বৃদ্ধি পাইছে উষ্ণতা - Heat wave hits Assam

প্ৰখৰ ৰ’দত বাহিৰলৈ ওলোৱাটোৱেই সমস্যা হৈছে । বিশেষকৈ স্কুলীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে বিদ্যালয়লৈ অহা-যোৱা কৰাটো কষ্টদায়ক হৈ পৰিছে । এতিয়া গছৰ ছাঁই একমাত্র আশ্রয়স্থল হৈ পৰিছে (Heat wave hits normal life in Assam) । এইবছৰ আৰু অধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য় কৰিছে বিশেষজ্ঞই ।

Jorhat Science Centre andPlanetarium
অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাৰাস্তম্ভ
author img

By

Published : Jun 3, 2023, 8:32 PM IST

অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাৰাস্তম্ভ

যোৰহাট, ৩ জুন: উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য ৷ দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো বৰষুণৰ অভাৱত পুনৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাৰাস্তম্ভ । এতিয়া উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন লুকা-ভাকুৱে স্বাভাৱিক জীৱনযাত্ৰা অধিক দুর্বিষহ কৰি তুলিছে (Heat waves rise in Assam)। ইপিনে,গোলকীয় উষ্ণতা বৃদ্ধিক লৈ বিশ্ববাসী উদ্বিগ্ন হৈছে যদিও প্রতি বছৰে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাটো সৰ্বসাধাৰণৰ বাবে অতিশয় যন্ত্রণাদায়ক হৈ পৰিছে (Heat wave hits Assam)। এই প্ৰসংগত বিজ্ঞানীসকলে ভিন্ন মত আগবঢ়াইছে । যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহ বিজ্ঞানী প্ৰনৱ জ্যোতি চেতিয়াই এই প্ৰসংগত কয় যে সাগৰীয় এল লিন'ৰ প্ৰভাৱ ফলত উষ্ণতা বৃদ্ধি পাইছে।

এই সন্দৰ্ভত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ বিজ্ঞানী প্ৰনৱজ্যোতি চেতিয়াই পুনৰ কয় যে এই প্ৰভাৱৰ ব্যতিক্ৰম নহয় অসমো ( Jorhat Science Centre andPlanetarium)। চেতিয়াৰ মতে অসমত যোৱা বছৰৰ তুলনাত এইবছৰ আৰু অধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থতিত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক । তেওঁ কয় যে তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ ফলত দেহত বিভিন্ন ৰোগে আক্ৰমণ কৰিব পাৰে । সেয়েহে শৰীৰটো সুস্থ সৱল কৰি ৰাখিবলৈ অধিক পানীযুক্ত ফল-মূলৰ লগতে যথেষ্ট পৰিমাণে পানী খাব লাগে । এইদৰে পৰামৰ্শ আগবঢ়াই বিজ্ঞানী প্ৰনৱজ্যোতি চেতিয়াই লগতে কয় যে আমি পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব । পৰিৱেশ সজাগতাৰ ওপৰত আমি গুৰুত্বপূৰ্ণ প্ৰদান কৰাটো সময়ৰ আহ্বান হিচাপে থিয় দিছে বুলিও কয় বিজ্ঞানীজনে।

উল্লেখ্য যে, মে'ৰ শেষ সপ্তাহ আৰু জুনৰ প্ৰথম সপ্তাহত ৰাজ্যত সৰ্বাধিক হাৰত তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে । এইবাৰ তাপমাত্ৰাই ৪০ ঘৰৰ অতিক্ৰম কৰিছে । সেয়েহে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে বৰুণ দেৱতাৰ ওচৰত শৰণাপন্ন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । তদুপৰি পথাৰত চিৰাল ফাঁট মেলাও পৰিলক্ষিত হৈছে । ইতিমধ্যে উৎকট গৰম সহ্য় কৰিব নোৱাৰি বিদ্যালয়ত ঢলি পৰিছে কণ কণ শিক্ষাৰ্থী । ফলত অতিমাত্ৰা গৰমৰ বাবে শিক্ষা বিভাগে শৈক্ষিক কৰ্মসূচী সালসলনি কৰিবলৈ বাধ্য হৈছে । আনহাতে, অতিমাত্ৰা গৰম পৰা বাবে শৰীৰটো সুস্থ-সবল কৰি ৰাখিবৰ বাবে অতিমাত্ৰা পানী সেৱন কৰিব লাগিব । আনহাতে, ৰাজ্য়ত উষ্ণতা যিমানেই বৃদ্ধি পাইছে সিমানেই শীতল পানীয় আদিৰ বিক্ৰী বৃদ্ধি পাইছে ।

লগতে পঢ়ক:Heatwave hits Assam: ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ ! 38 ডিগ্ৰী অতিক্ৰম কৰিছে পাৰাস্তম্ভই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.