টীয়ক, 13 জুলাই : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে তেওঁৰ সু-স্বাস্থ্যৰ কামনাৰে উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰি থকাৰ সময়তে চ’ছিয়েল মিডিয়াত সংঘটিত হৈছে এক ঘটনা ৷
যোৰহাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাকজান শাখা আঞ্চলিক সমিতিৰ সম্পাদক ইন্দুকমল ভূঞাৰ এক ফেচবুক প'ষ্টৰ কমেণ্টত ‘Bjp Sushant’ নামৰ গুজৰাটৰ গান্ধীনগৰৰ নিবাসী আৰু বিজেপি দলৰ সদস্য বুলি উল্লেখিত ফেচবুক প্ৰফাইলৰ পৰা অখিল গগৈক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ৷
অখিল গগৈক দিয়া এই হত্যাৰ ভাবুকিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অখিল গগৈৰ পৰিয়ালক শংকিত কৰি তুলিছে। সেয়ে উক্ত একাউণ্টৰ গৰাকীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবীৰে সোমবাৰে টীয়ক আৰক্ষী থানাত স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰে কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি চাংমাই আৰু সম্পাদক ইন্দুকমল ভূঞাই ।
লগতে পঢ়ক : প্ৰলয়ংকাৰী বানত প্লাৱিত ৰঙিয়াৰ শতাধিক গাওঁ