ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ - ৰূপজ্যোতি কুৰ্মী

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ কংগ্ৰেছৰ বাবে হ’ব এক ডাঙৰ ক্ষতি । নাঁও বুৰিলেও টিঙৰ পৰা ননমা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই কথা মানি নল’লেও জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী তথা নাওবৈচাৰ বৰ্তমানৰ বিধায়ক ভৰত নৰহে কয় যে, ৰূপজ্যোতি কুৰ্মীৰ দৰে এজন বিধায়কে যদি সচাকৈয়ে কংগ্ৰেছ দল ত্যাগ কৰে তেন্তে সেয়া হ’ব কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি ।

rupjyotis-resignation-is-a-big-loss-for-congress
ৰূপজ্যোতিৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ
author img

By

Published : Jun 18, 2021, 2:16 PM IST

Updated : Jun 18, 2021, 7:05 PM IST

গুৱাহাটী, ১৮ জুন: অসমত বিৰোধী কংগ্ৰেছক জোকাৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে শুকুৰবাৰে দল আৰু বিধানসভাৰ পৰা পদত্যাগ কৰে ৷ কুৰ্মীয়ে অহা 21 জুনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ।

চাহ সম্প্ৰদায়ৰ নেতাগৰাকীয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁৰ বিধানসভা কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে । কুৰ্মীয়ে সাংবাদিকক কয় যে তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (AICC)সভাপতি ছোনিয়া গান্ধীক পদত্যাগ পত্ৰ প্ৰদান কৰিছে ।

ৰূপজ্যোতিৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ

নাঁও বুৰিলেও টিঙৰ পৰা ননমা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই কথা মানি নল’লেও জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী তথা নাঁওবৈচাৰ বৰ্তমানৰ বিধায়ক ভৰত নৰহে কয় যে, ৰূপজ্যোতি কুৰ্মী Rupjyoti Kurmi)ৰ দৰে এজন বিধায়কে যদি সচাকৈয়ে কংগ্ৰেছ দল ত্যাগ কৰে তেন্তে সেয়া হ’ব কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি । অৱশ্যে তেওঁ ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ বিষয়ে বৰ্তমানলৈকে অৱগত নহয় বুলি মন্তব্য কৰে ৷ চাৰিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হিচাপে বিজয়ী হোৱা ৰূপজ্যোতি কুৰ্মীৰ উপৰিও শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰে দলটোৰ জ্যেষ্ঠ নেত্ৰী জুৰি শৰ্মা বৰদলৈৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ ভালেসংখ্যক নেতাই ।

আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, তেওঁ কংগ্ৰেছ এৰিছে কিয়নো দলৰ নেতৃত্বই যুৱ নেতাসকলৰ কণ্ঠস্বৰ উপেক্ষা কৰে । সেয়েহে, সকলো ৰাজ্যতে দলটোৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷ তেওঁ দলৰ নেতা ৰাহুল গান্ধীকো লক্ষ্য কৰি লয় ।

ইপিনে কংগ্ৰেছে কুৰ্মীক তেওঁৰ দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক বিবৃতিত কয় যে সিদ্ধান্তটো সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অনুমোদন জনাইছে ৷ বৰাই মৰিয়নী বিধানসভা সমষ্টি পৰিদৰ্শন কৰিবলৈ আৰু তাত ৰাজনৈতিক পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰি দিয়ে ৷

লগতে পঢ়ক : পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ?

Last Updated : Jun 18, 2021, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.