যোৰহাট,5 মাৰ্চঃ সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন ৷ সকলোতে এতিয়া নিৰ্বাচনৰ আলোচনা সমালোচনা। বিগত সময়চোৱাত লোক সভাৰ সাংসদ তাৰ পাছত ৰাজ্য সভাৰ সাংসদ হোৱা কামাখ্যা প্ৰসাদ তাছাই এইবাৰ বিধায়ক হোৱাৰ সপোন দেখিছে ৷
উল্লেখযোগ্য যে, মৰিয়নী বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছাক পক্ষেপ কৰিছে ৰূপজ্যোতি কুৰ্মীক প্ৰতিহত কৰিবলৈ ।
ৰূপজ্যোতিক প্ৰতিহত কৰিবলৈ যুঁজত নামিব সাংসদ কামাখ্যা প্ৰসাদ তাছা ইপিনে মৰিয়নী বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তালিকাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম প্ৰায় চূড়ান্ত হোৱাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে য়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰূপজ্যোতি কুৰ্মীয়ে সদৰি কৰে যে, তালিকা আনুষ্ঠানিক ভাবে ঘোষণা কৰাৰ পাছতেই বহু বিজেপিৰ কৰ্মকৰ্তাই কংগ্ৰেছক সহায় কৰিবলৈ সাজু হৈছে ।লগতে পঢ়কঃ
ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট