টীয়ক, 4 ছেপ্তেম্বৰঃ টীয়কৰ চাহ বাগিছাত একাংশ লোকৰ হত্যাৰ বলি হোৱা ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তৰ বাসগৃহত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ বুধবাৰে প্ৰয়াত চিকিৎসক ডাঃ দত্তৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে একাংশ লোকৰ ক্ষোভৰ বলি হয় সাংসদগৰাকী ৷ ডাঃ দত্তৰ পৰিয়ালৰ লোকে একাংশ ৰাজনৈতিক নেতাৰ উচতনিতে চাহ বাগানত এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ পূৰ্বৰ ঘটনাৰ পৰা শিক্ষা নোলোৱা ৰাজ্য চৰকাৰে চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে ৷
আনহাতে ডাঃ দত্তৰ পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাটো সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদগৰাকীয়ে ৷ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ কথা উল্লেখ কৰি সমগ্ৰ বিষয়টো আৰক্ষী সঞ্চালকপ্ৰধানক অৱগত কৰিব বুলি কয় সাংসদ গৰাকীয়ে ৷