ETV Bharat / state

Review meeting in AAU: নৰৱেৰ প্ৰতিনিধিৰ সৈতে কৃষিৰ উত্তৰণৰ পৰিকল্পনা গ্ৰহণ

author img

By

Published : Nov 5, 2022, 1:47 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ত জলবায়ু স্থিতিস্থাপকতা প্ৰকল্পৰ সভাত নৰৱেৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে (Review meeting at Assam Agricultural University) । নৰৱেৰ প্ৰতিনিধিৰ সৈতে অসমৰ কৃষি অৰ্থনীতিৰ উত্তৰণৰ দিশত ভৱিষ্যদৰ্শী পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয় । অধিক উৎপাদনক্ষম কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিবলৈকে পদক্ষেপ ।

Review meeting in AAU
নৰৱেৰ প্ৰতিনিধিৰ সৈতে কৃষিৰ উত্তৰণৰ পৰিকল্পনা গ্ৰহণ

যোৰহাট, ৫ নৱেম্বৰ: অসমৰ গ্ৰাম্য কৃষি প্ৰধান এলেকাত শেহতীয়া কৃষি তথ্য প্ৰযুক্তিৰ জৰিয়তে নতুন কৃষি বিপ্লৱৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে (AAU moves for agricultural revolution in Assam)। অধিক লাভজনক আৰু উৎপাদনক্ষম কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে এই বিপ্লৱৰ সূচনা কৰিবলৈকে এনেপদক্ষেপ গ্ৰহণ কৰিছে ।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত শণিবাৰে জলবায়ু স্থিতিস্থাপকতা প্ৰকল্পৰ বাৰ্ষিক পৰ্যালোচনা সভাত এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় (Review Meeting of climate resilience project)। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ সভাগৃহত নৰৱেৰ চৰকাৰী প্ৰতিনিধি আৰু কৃষি বিশেষজ্ঞৰ উপস্থিতিত এই দিশত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত অসমৰ কৃষিক্ষেত্ৰও প্ৰভাৱিত হোৱা বাবে এই দিশত বিশেষ গুৰুত্ব প্ৰদান কৰি কৃষকক সকাহ দিবলৈ বিশ্ববিদ্যালয়খনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

নৰৱেৰ ইনষ্টিটিউত অৱ ইকনমিক ৰিচাৰ্ছৰ ড৹ উদয় শেখৰ নাগাঠু (Norwegian Institute of Economic Research) আৰু ড৹ টেচটেই নৰৱে এমবেচি মেৰিট ষ্টেৰ্ন্ড , বিয়েটি লেংগচিটৰ লগতে নৰৱেৰ সুৰেশ মেটিভেন আৰু ষ্টিঙ লাঙছেটে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে । তদুপৰি অনুষ্ঠানটোত ইন্টাৰনেচনেল ৱাটাৰ মেনেজমেন্টৰ স্মৰণিকা (International Water Management),ওড়িশা কৃষি বিশ্ববিদ্যালয়ৰ পি জে মিশ্ৰই এই পৰ্যালোচনাত অংশ লয় (Odisha Agricultural University) ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গৱেষণা সঞ্চালক ড৹অশোক ভট্টাচাৰ্য,তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹সঞ্জয় কুমাৰ চেতিয়া,স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড৹অনুপ কুমাৰ দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹প্ৰসন্ন কুমাৰ পাঠক উপস্থিত থাকে । আনহাতে,সহযোগী কৃষি গৱেষণা সঞ্চালক ড৹মৃণাল শইকীয়া,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনাত নতুন নতুন উদ্ভাৱিত বীজ আৰু পৰিৱেশ অনুকুল ভাবে সাৰ আৰু কীটনাশক প্ৰয়োগৰ জৰিয়তে কেনেদৰে কৃষকক সৰ্বাধিক লাভ দিব পাৰি তাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হয় ।

নৰৱে'ৰ ইষ্টিটিউট অৱ বায়' ইকনমি ৰিচাৰ্ছ (Norwes Institute of Bio economic Research),চেন্নাইৰ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেচন (Swaminathan Research Foundation Chennai) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা প্ৰকল্পটোৰ জৰিয়তে প্রথম পর্যায়ত বৰ্ণসংকৰ ধানৰ বীজ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে । উল্লেখ্য় যে ২০১৮ চনত আৰম্ভ কৰা এই প্রকল্পৰ জৰিয়তে ইতিমধ্যে অসমৰ গোলাঘাট আৰু শিৱসাগৰ জিলাৰ কেইবা শতাধিক কৃষক আৰু কৃষি উদ্যোগী উপকৃত হৈছে ।

ইয়াৰ পূৰ্বে নৰৱেৰ প্ৰতিনিধি দলটোৱে গোলাঘাটৰ মেৰাপানীৰ চাওদাং পথাৰ এলেকা পৰিদৰ্শন কৰে । এই দলটোৱে বৰ্ণসংকৰ ধানৰ বীজক্ষেত্ৰ আৰু পৰিকল্পিত বীজগাঁও আচনিও পৰিদৰ্শন কৰে । আনহাতে,বিদেশী প্ৰতিনিধি দলটোৱে শিৱসাগৰ জিলাৰ দিখৌমুখৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে ।

ইপিনে,নৰৱে চৰকাৰৰ বিশেষ প্ৰতিনিধি দলটোৱে ৰঘুবাৰী গাঁৱৰ যুৱকসকলৰ সফল মীন পালন ক্ষেত্ৰও পৰিদৰ্শন কৰে । মৰিদিখৌ নামৰ দিখৌৰ এৰাসুতিত সম্পূৰ্ণ জৈৱিক ব্যৱস্থাৰে উৎপাদনৰ কৰা মাছ প্ৰত্যক্ষ কৰাৰ উপৰি স্থানীয় ৪০ টা পৰিয়ালৰ যুৱকসকলক অধিক উদ্যমী কৰি তুলিবলৈ তেওঁলোকে ভৱিষ্যতে কৰ্মৰাজী ল'বলৈ আগ্ৰহী বুলিও অৱগত কৰে ।

লগতে পঢ়ক:Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.