যোৰহাট, 4 জুন: মৰিয়নীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাতঃসভাত এজন ছাত্ৰই আজান দিয়াৰ ভিডিঅ’(Mariani Azan video) সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শনিবাৰে পুৱা যোৰহাট জিলাৰ উপায়ুক্ত উপস্থিত হয় বিদ্যালয়খনত ।
যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাইস্থিত, পূব যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ জ্ঞান বিকাশ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰই আজান দিয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে । গুণোৎসৱ(Gunotsav in Jorhat) উপলক্ষে বৰ্হিঃ মূল্যায়কৰ সন্মুখত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক নিজৰ নিজৰ গুণগত প্ৰতিভা দাঙি ধৰিবলৈ কোৱা হৈছিল ।
যাৰ প্ৰতিপেক্ষিতত প্ৰাতঃসভাত এজন ছাত্ৰই আজান দিয়া পৰিলক্ষিত হৈছিল আৰু কোনো লোকে ছাত্ৰজনে আজান দিয়া ভিডিঅ’ ম’বাইলৰ কেমেৰাত আবদ্ধ কৰি সামাজিক মাধ্যমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ ভাইৰেল কৰাৰ লগে লগে সমগ্ৰ মৰিয়নীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত শনিবাৰে পুৱা যোৰহাট জিলাৰ উপায়ুক্তই(Jorhat district DC) বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে ।
লগতে পঢ়ক: অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?