ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক কটু সমালোচনা ৰাণা গোস্বামীৰ - rana goswami reaction about Rupjyoti Kurmi

চাৰিবাৰকৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগে একপ্ৰকাৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে মৰিয়নীত উপস্থিত হয় যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা এআইচিচি(AICC)ৰ সম্পাদক ৰাণা গোস্বামী ৷ ৰূপজ্যোতিৰ বিজেপি গমনক সমালোচনা কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

rana goswami reaction about Rupjyoti Kurmi
মাতৃয়ে হয়তো সপোনত আহি বিজেপি গমনত বাধা নিদিলে: ৰাণা গোস্বামী
author img

By

Published : Jun 18, 2021, 8:49 PM IST

যোৰহাট,18 জুন : শুকুৰবাৰে অসমৰ বিৰোধী দল কংগ্ৰেছৰ মাজত জোকাৰণিৰ সৃষ্টি কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে পদত্যাগ কৰিলে দল আৰু বিধানসভাৰ পৰা ৷ আগন্তুক 21 জুনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব মৰিয়নীৰ বিধায়কগৰাকীয়ে ৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (AICC)সভাপতি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰি চাহ সম্প্ৰদায়ৰ নেতাগৰাকীয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী হাতত তেওঁৰ বিধানসভা কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে ।

বিধায়ক গৰাকীয়ে দল তথা বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাচতে মৰিয়নী সমষ্টিত এক প্ৰকাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চাৰিবাৰকৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগে একপ্ৰকাৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে মৰিয়নীত উপস্থিত হয় যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা এআইচিচি(AICC)ৰ সম্পাদক ৰাণা গোস্বামী ৷ ৰূপজ্যোতিৰ বিজেপি গমনক সমালোচনা কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ এইবেলি বিজেপি প্ৰাৰ্থী ৰমণী তাতীক পৰাজিত কৰি বিধায়ক পদত জয়ী হৈছিল কুৰ্মী ৷

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক কটু সমালোচনা ৰাণা গোস্বামীৰ

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ সময়ত মৰিয়নী সমষ্টিৰ পৰা অখিল গগৈয়ে প্ৰাৰ্থীত্ব লাভৰ বাবে মনোনয়ন দিয়াৰ পাছত অখিল গগৈৰ মাতৃৰ ভৰিত ধৰি প্ৰাৰ্থীত্ব উঠাই ল'বলৈ অনুৰোধ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে ৷ সততে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰা বিধায়কগৰাকীয়ে আজি নিজেই বিজেপিৰ দুৱাৰ দলিত ঠিয় হোৱাত ভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভৰত নৰহ, গৌৰৱ গগৈৰ পাচত মৰিয়নীত উপস্থিত হৈ মত প্ৰকাশ কৰে এআইচিচি সম্পাদক ৰাণা গোস্বামীয়ে ৷

ৰাণা গোস্বামীয়ে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি কয় যে, বিধানসভা নিৰ্বাচনৰ সময়ত দল ত্যাগ কৰা নেতা-কৰ্মীক আটাইতকৈ বেছি তেৱেঁই সমালোচনা কৰিছিল ৷ দল ত্যাগী নেতা-কৰ্মীক টকা লোভী, স্বাৰ্থপৰ আখ্যা দিয়াৰ লগতে নানা কটু বাক্যৰে থকা-সৰকা কৰা কুৰ্মীয়ে কৈছিল যে, কংগ্ৰেছ ত্যাগ নকৰিবলৈ তেওঁক মাতৃয়ে সপোনত আহি মানা কৰিছে ৷ কিন্তু আজি কেনেকৈ তেওঁ দল ত্যাগ কৰিলে ? নে মাতৃয়ে আকৌ সপোনত আহি বিজেপিত যোগদান কৰিবলৈ ক'লে ?

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.