ETV Bharat / state

Jorhat Municipal Board : যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ৰাইজৰ দলৰ এজাহাৰ দাখিল

author img

By

Published : Jan 17, 2022, 7:25 PM IST

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিলে ৰাইজৰ দলে (FIR against Jorhat municipal board) ৷ পৌৰসভাখনে ২০১৮-১৯ বৰ্ষত সংঘটিত কৰা একাধিক অভিযোগৰ কথা সংবাদমেলযোগে ৰাইজৰ দলে প্ৰকাশ কৰে ৷

Jorhat Municipal Board
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ৰাইজৰ দলৰ এজাহাৰ

যোৰহাট, 17 জানুৱাৰী : যোৰহাট পৌৰসভাৰ বিৰুদ্ধে গোচৰ তৰিলে ৰাইজে দলে (FIR against Jorhat municipal board) ৷ ৰাইজৰ কৰ-কাটলৰে ভোজ-ভাত খাই মনোৰঞ্জনমূলক ভ্ৰমণ কৰে বুলি অভিযোগ তুলিলে দলটোৱে (Allegation against Jorhat Municipal Board) ।

কংগ্ৰেছৰ অপশাসনৰ পৰা যোৰহাট পৌৰসভাক সাধাৰণ ভোটাৰ ৰাইজে মুক্ত কৰি তুলি দিছিল পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গান দিয়া বিজেপিৰ হাতত । কিন্তু সেই পৰিৱৰ্তনকামী বিজেপি দলৰ দ্বাৰা গঠিত পৌৰসভাখনত সংঘটিত হয় পাহাৰ সদৃশ দুৰ্নীতি । যোৰহাট পৌৰসভাৰ ব্যাপক দুৰ্নীতিৰ কথা ৰাইজৰ দলে ইতিমধ্যে সংবাদমেলৰ যোগেদি অৱগত কৰে (Corruption in Jorhat Municipal Board) ।

ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে যোৰহাট সদৰ আৰক্ষী চকীত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে ২০১৮-১৯ বৰ্ষত দায়িত্ব পালন কৰা পৌৰপতি পৱন বৰদলৈ, কনিষ্ঠ অভিযন্তা ৰাজীৱ হাতীবৰুৱা আৰু গাণনিক বিষয়া দিগন্ত বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আগন্তুক পৌৰসভা নিৰ্বাচনৰ সময়ত যাতে পৌৰসভাখনৰ অন্তৰ্গত ভোটাৰ ৰাইজে সজাগ আৰু সচেতন হৈ ভোটদান কৰে, তাৰ প্ৰতি সকলোকে আহ্বান জনায় দলটোৰ প্ৰতিনিধসকলে ।

লগতে পঢ়ক: ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.