ETV Bharat / state

টীয়কৰ প্ৰচাৰবিমুখ অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া

১৯৯০ চনতে স্বীকৃতি লাভ কৰা দূৰ্গেশ্বৰ শইকীয়াই যোৰহাট আৰু ডিব্ৰুগড় ৰেডিঅ' চেন্টাৰত বৰ্তমানলৈকে একুৰিতকৈও অধিক টোকাৰী গীত পৰিৱেশন কৰিছে।ৰেডিঅ'ৰ পুৱাৰ ভক্তিগীত অনুষ্ঠানত এতিয়াও ভাঁহি থাকে শিল্পীগৰাকীৰ টোকাৰী গীত ৷ কিন্তু আৰ্থিক অনাটনৰ বাবে শিল্পীগৰাকীয়ে গৰু,ম'হ পালন কৰিয়েই এতিয়া জীৱিকা নিৰ্বাহ কৰি আছে ৷

radio artist of Teok
টীয়কৰ প্ৰচাৰবিমুখ অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া
author img

By

Published : May 23, 2020, 7:36 PM IST

টীয়ক,23মে': প্ৰচাৰবিমুখ টীয়কৰ এগৰাকী অনাতাঁৰ শিল্পী ৷ টোকাৰী গীতৰ মূৰ্ছনাৰে সৰ্বসাধাৰণৰ বুকুত মুচিব নোৱাৰা সাঁচ বহুৱাবলৈ সক্ষম হোৱা অনাতাঁৰ শিল্পী গৰাকীৰ নাম দূৰ্গেশ্বৰ শইকীয়া ৷ কিন্তু ৰাইজৰ মাজত তেওঁৰ চিনাকী দূৰ্গ বায়েন হিচাপে ৷ অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়াৰ ঘৰ টীয়কৰ শিমলুগুৰি মৌজাৰ ঘোঁৰাচোৱা গাঁৱত। প্ৰচাৰ বিমুখ এই গৰাকী অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া চ'ছিয়েল মিডিয়াৰ পৰাও বহু যোজন আঁতৰত।কৈশোৰ কালৰে পৰা টোকাৰী গীতৰ চৰ্চা কৰি অনাতাঁৰ শিল্পী হিচাপে ১৯৯০ চনতে স্বীকৃতি লাভ কৰা দূৰ্গেশ্বৰ শইকীয়াই যোৰহাট আৰু ডিব্ৰুগড় ৰেডিঅ' চেন্টাৰত বৰ্তমানলৈকে একুৰিতকৈও অধিক টোকাৰী গীত পৰিৱেশন কৰিছে।ৰেডিঅ'ৰ পুৱাৰ ভক্তিগীত অনুষ্ঠানত এতিয়াও ভাঁহি থাকে শিল্পীগৰাকীৰ টোকাৰী গীত ৷ কিন্তু আৰ্থিক অনাটনৰ বাবে শিল্পীগৰাকীয়ে গৰু,ম'হ পালন কৰিয়েই এতিয়া জীৱিকা নিৰ্বাহ কৰি আছে ৷ সমগ্ৰ অঞ্চলত দূৰ্গা বায়েন হিচাপে পৰিচিত শিল্পী গৰাকীয়ে মিচিং, নেপালী আদি স্থানীয় জাতি-জনগোষ্ঠীৰ মাজত মহাপুৰুষীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰতো কৰি আহিছে প্ৰয়াস। এইগৰাকী প্ৰচাৰবিমুখ শিল্পীগৰাকীয়ে কিন্তু বৰ্তমানেও চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰা পোৱা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য ৷দৰিদ্ৰতাৰ মাজেৰে জীৱন পাৰ কৰা এই গৰাকী শিল্পীক সহায় কৰিবলৈ আগবাঢ়ি আহিবনে কোনোবা সহৃদয়বান লোক ? সেইয়া সময়ে ক'ব ৷

টীয়কৰ প্ৰচাৰবিমুখ অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া

লগতে পঢ়কঃমহানগৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.