ETV Bharat / state

চৰকাৰক শ্ৰী শ্ৰী দিঘলী সত্ৰ সংৰক্ষণৰ দাবী ভকত বৈষ্ণৱৰ - চৰকাৰে অসমৰ সত্ৰ

অসমৰ মহাপুৰুষীয়া চাৰি সত্ৰ কৰোৱা, কোৱামৰা, দিঘলী আৰু চামগুৰি সত্ৰৰ যশ-খ্যাতি এসময়ত যথেষ্ট আছিল ৷ কিন্তু আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে সত্ৰৰ পূৰ্বৰ যশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

চৰকাৰক শ্ৰী শ্ৰী দিঘলী সত্ৰ সংৰক্ষণৰ দাবী ভকত বৈষ্ণৱৰ

author img

By

Published : Sep 8, 2021, 7:57 PM IST

টীয়ক, 8 ছেপ্তেম্বৰ : বিজেপি চৰকাৰে অসমৰ সত্ৰ সমূহক বেদখল মুক্ত কৰাৰ লগতে সত্ৰানুষ্ঠান সমূহৰ উন্নয়নৰ আৰু সংৰক্ষণৰ যি প্ৰতিশ্ৰুতি দিছিল, আজিৰ তাৰিখত সেয়া যেন এক প্ৰহসন পৰিণত হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি সাৰংগপাণি দেৱে 1585 শকত মাজুলী জিলাৰ বনগাঁৱৰ সমীপৰ দিঘলী নৈৰ পাৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী দিঘলী সত্ৰ প্ৰতিষ্ঠা কৰিছিল ।

চৰকাৰক শ্ৰী শ্ৰী দিঘলী সত্ৰ সংৰক্ষণৰ দাবী ভকত বৈষ্ণৱৰ

উল্লেখযোগ্য যে, অসমৰ মহাপুৰুষীয়া চাৰি সত্ৰ কৰোৱা, কোৱামৰা, দিঘলী আৰু চামগুৰি সত্ৰৰ যশ-খ্যাতি এসময়ত যথেষ্ট আছিল ৷ কিন্তু আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে সত্ৰৰ পূৰ্বৰ যশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

মাজুলীত প্ৰতিষ্ঠা লাভ কৰা এই দিঘলী সত্ৰভাগ ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াত তিষ্ঠিব নোৱাৰি যোৰহাট জিলাৰ বালিচাপৰি অঞ্চললৈ 1855 চনত উঠি আহে । বালিচাপৰি অঞ্চলৰ ৰাইজৰ আপদালত আজি বহু বছৰ অতিক্ৰম কৰা সত্ৰখনৰ অৱস্থা বৰ্তমান দুখ লগা ।

লগতে পঢ়কঃ পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

উল্লেখযোগ্য যে, গুৰুজনাৰ "পদ শিলা" থকা সত্ৰ ভাগে আজি লৈকে চৰকাৰী কোনো অনুদান নোপোৱাটো পৰিতাপৰ কথা । জানিবপৰা মতে, সত্ৰখনৰ উন্ন‌য়নৰ বাবে চৰকাৰৰ ওচৰত বহু বাৰ আবেদন জনাই আহিছে যদিও একো সুদূত্তৰ লাভ কৰা নাই এই পৰ্যন্ত ।

সেয়ে বৰ্তমান জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীলৈ তথা জাতি মাটি ভেটি ৰক্ষাৰ শ্ল'গান আওৰোৱা চৰকাৰখনলৈ সত্ৰখনৰ প্ৰতি সু-দৃষ্টি দিয়াৰ আশাৰে আহ্বান জনাইছে ভকত বৈষ্ণৱসকলে ।

লগতে পঢ়কঃ ভূপেনদাক চৰকাৰৰ অসন্মান; গোহালিঘৰত পৰিণত ভূপেন হাজৰিকা স্মৃতি মঞ্চ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.