ETV Bharat / state

World Wetlands Day: যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক - Provision of rain water harvesting in building construction

যোৰহাটত গৃহ নিৰ্মান কৰাৰ আগত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি ল’ব লাগিব ৷ ঘৰৰ নক্সাত থাকিব লাগিব সেই ব্যৱস্থা ৷ যোৰহাট উন্নয়ন প্ৰাধিকৰণে বাধ্যতামূলক কৰিব বৰষুণৰ পানী সংৰক্ষণ (Provision of rain water harvesting in building construction)৷

World Wetlands Day
যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক
author img

By

Published : Feb 2, 2022, 7:55 PM IST

যোৰহাট, 2 ফেব্ৰুৱাৰী: যোৰহাটত গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ কৰিবই লাগিব (Provision of rain water harvesting in building construction) । ঘৰৰ নক্সা প্ৰস্তুত কৰোতেই গুৰুত্ব দিব লাগিব এই বিষয়ত ৷

যোৰহাটত এতিয়াৰ পৰা গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা বাধ্যতামূলক হ’ব । ব্যক্তিগত বাসগৃহ বা ফ্লেট যিয়েই নহওঁক, ঘৰৰ নক্সা প্ৰস্তুত কৰোঁতেই এই ব্যৱস্থা কৰিব লাগিব ৷ বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে বুধবাৰে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট উন্নয়ন প্ৰাধিকৰণ(Jorhat development authority)ৰ উদ্যোগত বৰষুণৰ পানী সংৰক্ষণ সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত হয় । সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College)ৰ চিভিল বিভাগৰ মুৰব্বী প্ৰসন্ন খাউণ্ডে এই বিষয়ে বিশ্লেষণ আগবঢ়ায় ।

যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক

যোৰহাটৰ জিলা উপায়ুক্তকে ধৰি যোৰহাটৰ গৃহ নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানটো সঞ্চালনা কৰে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.