যোৰহাট,21ছেপ্টেম্বৰ: ২০ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য ৷ এই কাৰ্যক ধিক্কাৰ জনাই সোমবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্র সন্থাই ৷ সংগঠনটোৰ সদস্যসকলে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰি লাখ লাখ অৰ্হতা সম্পন্ন নিবনুৱাৰ জীৱনৰ লগত হেতালি খেলিছে বুলি অভিযোগ উত্থাপন কৰে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷
অন্য এক খবৰৰ বাবে: ক'ভিড প্ৰট'কলেৰে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া