ETV Bharat / state

Municipal tax hike: পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 15, 2023, 9:17 PM IST

পৌৰ কৰ বৃদ্ধিক কেন্দ্ৰ কৰি যোৰহাট জিলাত প্ৰতিক্ৰিয়া ৷ নীতিবৰ্হিভূত ভাৱে যোৰহাট পৌৰসভাই পৌৰ কৰ বৃদ্ধি কৰাৰ অভিযোগ (Municipal tax hike) ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

Municipal tax hike
পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত উত্তপ্ত পৰিস্থিতি

যোৰহাট, 15 মাৰ্চ: পৌৰ কৰ বৃদ্ধিক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ যোৰহাট নগৰবাসীৰ (Municipal tax hike) ৷

এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম আৰু আনফালে পৌৰ কৰ বৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে সাধাৰণ ৰাইজক ৷ কলি যুগত ৰজায়ে প্ৰজাক জৰুলা কৰিব বুলি শাস্ত্ৰত যি কথা কোৱা হৈছে সেই কথাই যেন এতিয়া আখৰে আখৰে মিলি গৈছে ৷ পৌৰ কৰ বৃদ্ধিক লৈ যোৰহাট জিলাত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Municipal tax hike in Jorhat) ৷

উল্লেখ কৰা প্ৰয়োজন যে, কৰদাতা ৰাইজে জাবৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে দিব লাগে ধন ৷ আনহাতে, যোৰহাট নগৰবাসীক যোৰহাট পৌৰসভাই যি কৰ নিৰ্ধাৰণ কৰি দিছে তাৰ বিপৰীতে এটা বিশেষ ৰাজনৈতিক দলৰ নেতাৰ পৌৰ কৰ পূৰ্বৰ দৰেই আছে ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ যদিহে চৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি ধাৰ পৰিশোধ কৰিম বুলি ভাবিছে তেন্তে সেয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মত প্ৰকাশ কৰিছে ৰাইজে (Property tax hike) ৷

ইফালে, পৌৰ কৰ বৃদ্ধিৰ জৰীপ চলাবৰ বাবে এটা ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰিছিল যোৰহাট পৌৰসভাই ৷ কিন্তু সেই প্ৰতিষ্ঠানটোৱে ইচ্ছানুসৰি পৌৰ কৰ বৃদ্ধি কৰা বুলি ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ জিলা উপায়ুক্তৰ অধীনত এখন সমিতি প্ৰস্তুত কৰি এগৰাকী অভিযন্তাক লগত লৈ পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত জৰীপ চলাব লাগে যদিও যোৰহাট পৌৰসভাই সেয়া নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ অবৈধভাৱে চলোৱা এই প্ৰক্ৰিয়া তৎকালীনভাৱে বাতিল কৰক বুলিও দাবী উত্থাপন কৰে ৰাইজে (Protest in Jorhat) ৷

ইফালে, বুধবাৰে পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে বিধানসভা চৌহদত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়ক অখিল গগৈ ৷ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ডকাইতৰ দৰে সন্ত্ৰাস চলোৱা বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক: Akhil Gogoi Slams BJP govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ডকাইত আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.