ETV Bharat / state

মৰিয়নিত আশাকৰ্মীৰ কৰ্ম বিৰতি পালন

author img

By

Published : Jan 8, 2021, 6:02 PM IST

Updated : Jan 9, 2021, 3:44 PM IST

বিভিন্ন দাবীত 6 জানুৱাৰীৰ পৰা ২০ জানুৱাৰী লৈকে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ আশাকৰ্মী সকলে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটৰ মৰিয়নিতো কৰ্মবিৰতি পালন কৰিলে আশা কৰ্মী সকলে ৷

protest-by-asha-workers-at-moriyani-of-jorhat
মৰিয়নিত আশাকৰ্মীৰ কৰ্ম বিৰতি পালন

যোৰহাট,8 জানুৱাৰী: নিজ প্ৰাপ্যৰ দাবীত ৰাজ্যজুৰি কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত ৰাখিছে আশাকৰ্মী সকলে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটৰ মৰিয়নিতো কৰ্মবিৰতি পালন কৰিলে আশা কৰ্মী সকলে ৷ প্ৰাপ্যৰ দাবীত শুকুৰবাৰে কৰ্মবিৰতিত বহিল মৰিয়নিৰ আশা কৰ্মীসকল ৷ NHMৰ আন কৰ্মচাৰীৰ দৰে আশা কৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা,উপযুক্ত মজুৰি প্ৰদান কৰা,বাকেয়া ধনৰাশি অতি শীঘ্ৰে মোকোলাই দিয়া,আশা কৰ্মী এলেকাত অনাময় সমিতিক প্ৰদান কৰা 10 হাজাৰ টকা সম্পূৰ্ণকৈ প্ৰদান কৰা আদি বিভিন্ন দাবীত 6 জানুৱাৰীৰ পৰা ২০ জানুৱাৰী লৈকে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ আশাকৰ্মী সকলে ৷ ইয়াৰ লগতে অটল অমৃত আৰু আয়ুষ্মান ভাৰত নামৰ কাৰ্ড দুখন অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰা আৰু ৬০ ৰ উৰ্ধৰ আশা কৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰো দাবী জনাইছে আশা কৰ্মী সকলে ৷

মৰিয়নিত আশাকৰ্মীৰ কৰ্ম বিৰতি পালন

উল্লেখ্য যে,বিগত ২৯ ডিচেম্বৰ তাৰিখে সদৌ অসম আশা কৰ্মী সন্থাই ৰাজ্যিক প্ৰকল্প সঞ্চালকক সাক্ষাৎ কৰি নিজৰ দাবী সমূহ অৱগত কৰিছিল । ইয়াৰ পাছত প্ৰকল্প সঞ্চলকে উক্ত দাবী সমূহ অতি শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত আশা কৰ্মী সকলৰ সেই ছয় দফীয়া দাবীসমুহ পূৰণ নকৰাত 6 জানুৱাৰীৰ পৰা ২০ জানুৱাৰী লৈকে সৰ্বাত্মক কৰ্ম বিৰতি পালন কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম আশা কৰ্মী সন্থাই ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত খহিল কংগ্ৰেছৰ দূৰ্গ

Last Updated : Jan 9, 2021, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.