ETV Bharat / state

Tea worker protest : ন্যায্য প্ৰাপ্তিৰ দাবীত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত প্ৰতিবাদ শ্ৰমিকৰ

যোৰহাটৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত শ্ৰমিকসকলে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Tea worker protest at Jorhat)। প্ৰাপ্য মজুৰি আদায় দিবলৈ দাবী জনাই শ্ৰমিকসকলে । অন্যথা জংগী আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

Tea Worker
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত প্ৰতিবাদ শ্ৰমিকৰ
author img

By

Published : Jan 17, 2023, 5:30 PM IST

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত প্ৰতিবাদ শ্ৰমিকৰ

যোৰহাট,১৭ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত চাহ শ্ৰমিকসকল বিভিন্ন ধৰণে বঞ্চিত হৈ আহিছে । যাৰ বাবে সময়ে সময়ে চাহ শ্ৰমিকসকলে প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি আহিছে । এইবাৰ যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত (Tocklai Tea Research Institute) উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ । গৱেষণা কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে উত্তেজিত শ্ৰমিকসকলে (Protest at Tocklai Tea Research Institute )।

ৰাজ্যৰ চৌদিশে ভোগালী বিহুক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে । প্ৰতিগৰাকী অসমীয়াই হাঁহি ফূৰ্তিৰ মাজেৰে বিহু উদযাপন কৰিছে । বিহুৰ উৰুকাত মাছ-মাংসই তৃপ্তিৰে এসাঁজ খাইছে । প্ৰতিঘৰত লাড়ু, পিঠা আদি বিভিন্ন প্ৰকাৰৰ বিহুৰ খাদ্য সম্ভাৰেৰে ভৰি পৰিছে । কিন্তু এই সকলোবোৰৰ পৰা বঞ্চিত যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ শ্ৰমিকসকল ।

মাঘ বিহু উপলক্ষ্যে তেওঁলোকক মজুৰি প্ৰদান নকৰাত বিহু উৰুঙা হ'ল শ্ৰমিকসকলৰ । অভিযোগ অনুসৰি চৰকাৰ তথা চাহ বাগিচাৰ মালিক পক্ষই তেওঁলোকক প্ৰৱঞ্চনা কৰি আহিছে । যাৰ বাবে ন্যায্য প্ৰাপ্তিৰ পৰা তেওঁলোক বঞ্চিত হৈছে । টোকোলাই চাহ গৱেষণাগাৰৰ অন্তৰ্গত টোকোলাই চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকে মঙলবাৰে চৰকাৰ আৰু চাহ বাগিচাৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে (Tea worker protest at Jorhat)।

শ্ৰমিকসকলৰ অভিযোগ অনুসৰি বিগত প্ৰায় ৪০ বছৰ ধৰি প্ৰাপ্যসমূহ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে মোকলাই দিয়া নাই । দুৰ্গা পূজা, মাঘ বিহু আৰু ফাকুৱাৰ সময়ত চাহ শ্ৰমিকসকলে যি বোনাচ লাভ কৰিব লাগে সেই বোনাচৰ এটা অংশ টোকোলাই কৃতপক্ষই মোকলাই দিয়া নাই । ইয়াৰ লগতে পিএফ আৰু গ্ৰেছুইটিৰ টকাও তেওঁলোকক মোকোলাই নিদিয়াৰ গুৰুতৰ অভিযোগ উথাপন কৰিছে প্ৰতিবাদকাৰীসকলে । বিভিন্ন দাবীৰ বিষয়ে চাহ বাগিচাখনৰ শ্ৰমিসকলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও এতিয়ালৈ কোনো পদক্ষেপ লোৱা হোৱা নাই ।

অৱশেষত ক্ষোভিত চাহ শ্ৰমিকসকলে টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ৰ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে । চৰকাৰ আৰু চাহ বাগিচাৰ মালিক পক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

শীঘ্ৰে চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নহ'লে ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে । ইফালে চাহ শ্ৰমিকৰ প্ৰতিবাদৰ ফলত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান উত্তাল হৈ পৰে । আনকি উক্ত স্থানক আৰক্ষীৰ লোকসকলকো মোতায়েন কৰিবলগীয়া হয় । লক্ষণীয়ভাৱে এই প্ৰতিবাদৰ বাবে কেইবা ঘণ্টা ধৰি চাহ গৱেষণা কেন্দ্ৰৰ কাম কাজ অচল হৈ পৰে ।

লগতে পঢ়ক :Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছ তৎপৰ হোৱাৰ সময়তে চৰ্চাত এখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.