ETV Bharat / state

Satra Official Land Encroachment : যোৰহাটত সত্ৰৰ গোঁসাইৰ বিৰুদ্ধে মাটি কাঢ়ি লোৱাৰ অভিযোগ - satra land encroachment in Jorhat

তিতাবৰৰ শ্ৰীশ্ৰী চেঁচামুখ সত্ৰৰ দুজন গোঁসায়ে মাটি কাঢ়ি লোৱাৰ বিৰুদ্ধে প্ৰতিবাদ । সত্ৰৰ বাটচ'ৰাৰ সন্মুখত অৰ্ধশতাধিক পুৰুষ-মহিলাই শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (land encroachment allegation against satra official) ।

Jorhat
Jorhat
author img

By

Published : Mar 11, 2023, 9:21 PM IST

সত্ৰৰ গোঁসাইৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ

যোৰহাট, ১১ মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰৰ ভূমি, চৰকাৰী ভূমি আৰু বনভূমি বেদখলকাৰীৰ কবলত পৰাৰ কথা সময়ে সময়ে প্ৰকাশ পাই আহিছে (encroachment of satra land Assam) । এচাম অসাধু লোকে এনেদৰে ভূমি বেদখল কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈ আহিছে । আনহাতে, এই ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰ তথা স্থানীয় প্ৰশাসনে শেহতীয়াভাৱে অভিযানো চলাই আহিছে (eviction on satra land Assam) । কিন্তু এইবাৰ দুষ্কৃতিকাৰীয়ে নহয়, খোদ সত্ৰৰ গোঁসায়ে ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

তিতাবৰৰ শ্ৰীশ্ৰী চেঁচামুখ সত্ৰৰ দুজন গোঁসায়ে মাটি কাঢ়ি লোৱাৰ অভিযোগ উঠিছে (land encroachment allegation against satra official) । যাৰবাবে এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে । সত্ৰৰ বাটচ'ৰাৰ সন্মুখত অৰ্ধশতাধিক পুৰুষ-মহিলাই শনিবাৰে ভূমি বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (satra land encroachment in Jorhat) । উল্লেখ্য যে, সত্ৰৰ গোঁসাই পৰমানন্দ গোস্বামী আৰু মুকুন্দ মাধৱ গোস্বামীয়ে বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা লোকৰ মাটি কাঢ়ি লৈ বণিক গোষ্ঠীক বিক্ৰী কৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে ।

শেহতীয়াকৈ ২০ টাৰো অধিক পৰিয়ালৰ মাটি কাঢ়ি লৈ পৰিয়ালকেইটাক ভূমিহীন কৰাৰ অভিযোগ উঠিছে । গোঁসাই পৰমানন্দ গোস্বামী আৰু মুকুন্দ্ৰ মাধৱ গোস্বামীয়ে সত্ৰৰ মাটি নিজৰ নামত নামজাৰি কৰি বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা লোকসকলৰ মাটি কাঢ়ি লৈ অনা অসমীয়া বণিক গোষ্ঠীৰ লগতে অন্য লোকক বিক্ৰী কৰাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে । আনহাতে, বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা লোকসকলে সত্ৰত খাজানা দি আহিছে যদিও দুই ভাতৃ পৰমানন্দ আৰু মুকুন্দ মাধৱ গোস্বামীয়ে কোনো ৰছিদ প্ৰদান নকৰাৰো অভিযোগ উথাপন কৰে (protest against satra land encroachment in Jorhat) ।

বহুবাৰ ভকতসকলে ৰাজহুৱা সভা অনুষ্ঠিত কৰি আলোচনালৈ দুই গোঁসাইক আমন্ত্ৰণ জনোৱাৰ পাছতো তেওঁলোক সভাত উপস্থিত নথকাৰ বাবে শনিবাৰে এইদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহে সত্ৰৰ অধীনস্থ অৰ্ধশতাধিক পুৰুষ-মহিলা । ভকতৰ ওপৰত অত্যাচাৰ নচলিব, আমাক মাটি লাগিবই, আজোককাৰ দিনৰ পৰা ভোগ দখল কৰি থকা ভূমিত বেদখল নচলিব, গোঁসাইৰ দুৰ্নীতি নচলিব, মাটি নিদিলে আমাক একগোট কৰি গুলীয়াই মাৰক আদি শ্লোগানেৰে গোঁসাইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সত্ৰখনৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই । আনহাতে, গোঁসাইৰ বিৰুদ্ধে তোলা অভিযোগৰ গোঁসায়ে কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Silsako eviction : অধিগ্ৰহণ হ'ব জিঞ্জাৰ হোটলকে ধৰি ১৭ টা অনুষ্ঠানৰ প্ৰায় ১৮০ বিঘা ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.