যোৰহাট,5 মাৰ্চ: পেট্ৰল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত চিটু( CITU)ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে মেডিকেল চেলচ ৰিপ্ৰেজেনটেটিভ ইউনিয়ন যোৰহাট জিলা সমিতি আৰু চিটুয়ে যোৰহাট নগৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, প্ৰায় প্ৰতিদিনে হোৱা মূল্যবৃদ্ধিৰ ফলত এতিয়া দৈনিক ভাত সাঁজৰ চিন্তা কৰিব লগীয়া হৈছে সাধাৰণ ৰাইজে ৷ পেট্ৰল,ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে-মিঠাতেল, দালি আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি মধুসূদন দেখিছে সাধাৰণ ৰাইজে ৷ বহু প্ৰতিবাদ, আহ্বানৰ অন্ততো শাসকীয় চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে মেডিকেল চেলচ ৰিপ্ৰেজেনটেটিভ ইউনিয়ন যোৰহাট জিলা সমিতি আৰু চিটুৱে ৷ লগতে শাসকীয় বিজেপি চৰকাৰক এইবাৰ গাদীৰ পৰা উফৰাই পেলাবলৈ ৰাইজলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ ৰূপহীহাটৰ জুৰীয়াত কংগ্ৰেছ দলৰ ডিজিটেল প্ৰচাৰ অভিযান