ETV Bharat / state

জি ডি চি এলৰ বিৰুদ্ধে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ

author img

By

Published : May 28, 2019, 3:39 PM IST

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত জড়িত জি ডি চি এল নামৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

প্ৰতিবাদী সমদল

টীয়ক, 28 মেঃ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কামত জড়িত হৈ থকা জি ডি চি এল নামৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোৱে ৷ উজনি অসমৰ টীয়কত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণত জড়িত হৈ থকা সংস্থাটোৰ বিৰুদ্ধে এইদৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

জি ডি চি এলৰ বিৰুদ্ধে নামি পৰিল অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ

ছাত্ৰ সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, নিৰ্মাণকাৰী সংস্থাটোৱে পথটোৰ মেৰামতিৰ নামত হেমাহি কৰাৰ লগতে সম্প্ৰসাৰণৰ কামো অতি লেহেমীয়া গতিৰে কৰি আছে ৷ বিগত সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উপস্থিত হৈ ক্ষীপ্ৰতাৰে পথঠোৰ মেৰামতিৰ কাম কৰাৰ নিৰ্দেশ দিয়াৰ পিচটো সেই নিৰ্দেশ অমান্য কৰিছে সংস্থাটোৱে ৷ ইয়াৰ ফলত জি ডি ছি এলৰ অধীনত থকা যোৰহাট বাইপাছৰ পৰা জাঁজী দলঙলৈকে নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ ইতিমধ্যে ছাত্ৰ সংগঠনটোৱে নিৰ্মাণকাৰী সংস্থাটোৰ মেলেঙস্থিত কাৰ্যালয়ৰ প্ৰৱেশ পথ বন্ধ কৰি দিয়াৰ লগতে টীয়ক এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে ৷

Intro:Body:চাৰিলেণ্ডযুক্ত পথৰ সম্প্ৰসাৰণ কামৰ লেহেমীয়া গতিৰ বিৰোদ্ধে প্ৰতিবাদ
TEOK: ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণতাৰ পাছতো পথটোৰ মেৰামতি নকৰা আৰু পথটোৰ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱাৰ প্ৰতিবাদত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে মঙ্গলবাৰে পথটোৰ সম্প্ৰসাৰণ কামৰ সৈতে জড়িত জি ডি ছি এল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ টীয়কৰ মেলেংস্হিত কাৰ্যালয়ৰ প্ৰৱেশ পথ বন্ধ কৰি দিয়ে । প্ৰায় এমাহ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ক্ষীপ্ৰতাৰে পথৰ মেৰামতিৰ কাম কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো কোনো ফল নধৰিল।যাৰ ফলত জি ডি ছি এলৰ অধীনত থকা যোৰহাট বাইপাছৰ পৰা জাঁজী দলঙলৈকে নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।সেয়ে এনেকুৱা দায়িত্বহীনতা কোম্পানীক অপসাৰণ কৰিবৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.