ETV Bharat / state

যোৰহাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Mar 20, 2021, 9:36 PM IST

যোৰহাটl উপস্থিত হ'লহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ চাবুৱাৰ এখন নিৰ্বাচনী সভাত লোৱাৰ পাছতেই যোৰহাটত শনিবাৰে আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী ৷ দেওবাৰে বোকাখাতৰ এখন নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

prime minister narendra modi arrives in jorhat
যোৰহাট আহি উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

যোৰহাট,20 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত আহি বাহৰ পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শনিবাৰে চাবুৱাৰ এখন নিৰ্বাচনী সভাত লোৱাৰ পাছতেই সন্ধিয়াৰ ভাগত যোৰহাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী ৷

জানিব পৰা মতে, শনিবাৰৰ নিশাটো যোৰহাটস্থিত সেনা বাহিনীৰ মিলিটেৰী ষ্টেচনত কটাই দেওবাৰে বোকাখাতৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশ ল'ব ৷

prime minister narendra modi arrives in jorhat
শনিবাৰৰ নিশাটো যোৰহাটস্থিত সেনা বাহিনীৰ মিলিটেৰী ষ্টেচনত কটাব প্ৰধানমন্ত্ৰী গৰাকীয়ে

উল্লেখ্য যে, আগন্তুক নিৰ্বাচন উপলক্ষে অসমলৈ ইজনৰ পাছত সিজনকৈ ৰাষ্ট্ৰীয় নেতাৰ আগমন ঘটিব ধৰিছে ৷ কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শুকুৰবাৰে ৰাহুল গান্ধী অসম আহি উপস্থিত হোৱাৰ বিপৰীতে শনিবাৰে প্ৰধানমন্ত্ৰী মোডী আহি বিজেপিৰ হৈ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.