ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল - জিলা উপায়ুক্তৰ সংবাদমেল

অহা ২৭ মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাক লৈ যোৰহাটত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে সংবাদমেলযোগে প্ৰকাশ কৰিলে জিলা উপায়ুক্তই । জিলাখনৰ সকলোবোৰ প'লিং ষ্টেচন ছেনিটাইজ কৰা হৈছে । লগতে ভোটদান কৰিবলৈ অহাৰ সময়ত সকলোৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক । ভোটাৰৰ বাবে এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা গ্লভছৰ ব্যৱস্থা কৰা হৈছে ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Mar 26, 2021, 12:54 PM IST

যোৰহাট, ২৬ মাৰ্চ: শনিবাৰে অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত । যোৰহাটত বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিছে জিলা উপায়ুক্তগৰাকীয়ে ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল

বিধানসভা নিৰ্বাচনৰ বাবে সাজু কৰা হৈছে ৫ টা ফ্লাইং স্কোৱাডৰ লগতে ৫ টা ষ্ট্ৰেজেটিক ছাৰ্ভিলেন্স টীম । ইয়াৰ উপৰিও যোৰহাটৰ বিলাতী সুৰা বিপণীসমূহৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ ৰখা হৈছে । নগৰখনৰ বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে চি-ভিজিলৰ জৰিয়তে ৪৫ টা আপত্তি ৰুজু কৰা হৈছে । যোৱা ১৫ মাৰ্চৰ পৰা ২১ মাৰ্চলৈকে ৩২৮৪ গৰাকী ৮০ ৰ উৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগ লোকে ভোটদান কৰিছে ।

৫৫০ টা ভোটকেন্দ্ৰত ৱেব-কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । জিলাখনৰ সকলোবোৰ প'লিং ষ্টেচন ছেনিটাইজ কৰাৰ লগতে সকলো ভোটাৰে মাক্স পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । ভোটকেন্দ্ৰসমূহত ছেনিটাইজাৰৰ ব্যৱস্থা কৰা লগতে ভোটদাতাসকলৰ বাবে ডিছপ'জেবল গ্লভছৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, হোম আইছ'লেছনত থকা কৰ'ণা আক্ৰান্ত ৰোগীয়ে ভোটদান কৰিব বিচাৰিলে শেষত পিপিই কিট পৰিধান কৰি ভোটদান কৰিব পাৰিব বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে । মুঠতে জিলাখনত যাতে সকলো ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ প্ৰকাশ কাশ্যপৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.