ETV Bharat / state

যোৰহাটত নিউজ পৰ্টেলৰ বিৰুদ্ধে এজাহাৰ

author img

By

Published : Jun 11, 2020, 4:45 PM IST

অসমত দিনক দিনে বৃদ্ধি পোৱা নিউজ পৰ্টেলে আতংকিত কৰি তুলিছে সমগ্ৰ সমাজ ব্যৱস্থাক চিন্তিত হৈ পৰিছে সচেতন মহল ।

pressmeet-aginest-news-portel
যোৰহাটত নিউজ পৰ্টেলৰ বিৰুদ্ধে গোছৰ

যোৰহাট, ১১জুনঃ ৰাজ্যত দিনক দিনে কাঠফুলাৰ দৰে বৃদ্ধি পায় অহা নিউজ পৰ্টেলৰ অধিকাংশৰে নাই কোনো চৰকাৰী নথি প্ৰত্র। সমান্তৰাল ভাৱে তেওঁলোকে কোনো ধৰনৰ নীতি নিয়ম পালন নকৰাকৈয়ে চ'ছিয়েল মাধ্যম যোগে প্ৰচাৰ কৰে বাতৰি,যাৰ ফলত বহু ক্ষেত্ৰত সমাজত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে ।

pressmeet-aginest-news-portel
যোৰহাটত নিউজ পৰ্টেলৰ বিৰুদ্ধে এজাহাৰ
আনহাতে থিক তেনে বৃৃহস্পতিবাৰে DELTA NEWS7 নামৰ পৰ্টেলটোৰ বিৰুদ্ধে চ'ছাইটি ফৰ চ'ছিয়েল চিকিউৰিটি এন্ড এমপাৱাৰমেন্ট নামৰ এটি সংস্থাই যোৰহাট প্ৰেছ ক্লাৱত সংবাদ মেল যোগেদি এক গুৰুতৰ অভিযোগ উপস্থাপন কৰে । সংবাদ মেলত সংস্থাটোৰ কেন্দ্ৰ সম্বন্ধক সুপ্ৰিয়া দত্তই কয় যে দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধিনত নিয়মিতভাৱে নিৱনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে কিন্তু ডেলটা নিউজ 7 নামৰ এটা নিউজ পৰ্টেলে কিছুমান ভুৱা আৰু ভিত্তিহীন বাতৰি পৰিৱেশন কৰি সংস্থাটোক বদনাম কৰাৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নিৱনুবা সকলো সংকিত কৰি তুলিছে বুলি উল্লেখ কৰে । ইতিমধ্যে সংস্থাটোৱে আৰক্ষীৰ কাষ চাপি নিউজ পৰ্টেলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

লগতে পঢকঃ বাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.