ETV Bharat / state

যোৰহাটত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ সংবাদ মেল

author img

By

Published : Oct 13, 2020, 4:02 PM IST

সামাজিক মাধ্যমত মনোজ গগৈক হেয় প্ৰতিপন্ন কৰিবৰ বাবে তথা ৰাইজৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ বাবে একাংশ লোকে অপপ্ৰচাৰ চলাই থকাৰ কথা অভিযোগ তেখেতৰ ৷

যোৰহাটত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ সংবাদ মেল
যোৰহাটত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ সংবাদ মেল

যোৰহাট, 13 অক্টোবৰঃ যোৰহাট প্ৰেছ ক্লাবত নৱ গঠিত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈয়ে মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰে ৷ এই সংবাদ মেলৰ যোগেদি ৰাজ্যিক দলৰ আহ্বায়ক মনোজ গগৈয়ে বিগত কেইদিনমান ধৰি সামাজিক মাধ্যমত মনোজ গগৈক হেয় প্ৰতিপন্ন কৰিবৰ বাবে তথা ৰাইজৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ বাবে একাংশ লোকে অপপ্ৰচাৰ চলাই থকাৰ কথা প্ৰকাশ কৰে। কিন্তু সকলো অভিযোগক নসাৎ কৰি তেখেতৰ আপোচবিহীন চৰিত্ৰ চৰকাৰী পক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰাৰ কথা অভিযোগ কৰে।

উল্লেখযোগ্য যে মনোজ গগৈয়ে ১০ অক্টোবৰত নিশা সংঘটিত হোৱা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা ব্যক্ত কৰি উক্ত ঘটনাটোৰ বিষয়ে সামাজিক মাধ্যমত অতিৰঞ্জিত প্ৰচাৰ হৈ থকাৰ কথা উল্লেখ কৰে। অন্যহাতে তেখেতে প্ৰকাশ কৰে যে সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ দৰে উক্ত ঘটনাটো ডকাইটি ঘটনা নহয় আৰু গোচৰীয়া পক্ষই দিয়া এজাহাৰ খনতো উল্লেখ নাই এই কথা। তথ্যহীন,প্ৰমাণহীন ভাৱে একাংশ ব্যক্তিয়ে চৰকাৰী পৃষ্ঠপোষকতাত মনোজ গগৈৰ ভাৱমূৰ্তি বিনষ্ট কৰি ৰাজনৈতিক ভাৱে হত্যাৰ ষড়যন্ত্ৰ চলাইছে বুলি অভিযোগ কৰে মনোজ গগৈয়ে।

লগতে চাওকঃ প্ৰশ্নকাকত ফাদিল চৰকাৰৰ মূল আঁচনি: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.