যোৰহাট, 6 এপ্ৰিল : তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (President Droupodi Murmu Assam visit) । বৃহস্পতিবাৰে দুপৰীয়া ১.৪০ বজাত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকী অৱতৰণ কৰাৰ লগে লগেই আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam governor and CM warm welcome President) ।
আজিৰ কাৰ্যসূচী অনুসৰি বিয়লি ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব (President Droupodi Murmu at Kaziranga)। জীপ ছাফাৰী কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰিব ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব (Elephant Festival 2023)।
ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ লগতে তদাৰক বাবে কৃষিমন্ত্ৰী অতুল বৰা (Agriculture Minister Atul Bora), বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog) আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক (Minister Chandra Mohan Patowary) দায়িত্ব অৰ্পন কৰা হৈছে ৷
ইতিমধ্যে, ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত যান-বাহনৰ যাতায়াতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে (traffic control for presidents Assam visit) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষা বেষ্টনী আৰু তত্বাৱধানৰ তদাৰক কৰিবলৈ প্ৰশাসনৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহ সষ্টম হৈ পৰিছে ৷
যোৰহাটৰ পৰা পোনেই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত কাঞ্চনজংঘা পৰ্বত অভিযান-২০২৩ ৰ শুভাৰম্ভ কৰিব । একেদিনাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানতো উপস্থিত থাকিব (platinum Jubilee of Gauhati High Court) ।
লগতে পঢ়ক: Draupodi Murmu Assam Visit : ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলত নিয়ন্ত্ৰণ
ইফালে অহা ৮ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰত উপস্থিত হৈ তেজপুৰ বায়ুসেনাৰ ঘাটিত ছুখই ৩০ MKI যুঁজাৰু বিমানৰ এক উৰণত অংশগ্ৰহণ কৰিব (President Droupodi Murmu wll visit Tezpur)।