ETV Bharat / state

Jatiya Vidyalaya Convention 2023: যোৰহাটত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি - Jatiya Vidyalaya in Assam

যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিচত কৰা হৈছে "জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ, ২০২৩"(Preparations for Jatiya Vidyalay Convention in Jorhat) । উক্ত সমাৰোহত অংশগ্ৰহণ কৰিব ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে । সম্পূৰ্ণ হৈছে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ, ২০২৩ৰ প্ৰস্তুতি ।

Preparations for Jatiya Vidyalaya Convention in Jorhat
যোৰহাটত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি
author img

By

Published : May 3, 2023, 6:03 PM IST

যোৰহাটত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি

যোৰহাট,৩ মে': মাতৃভাষাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তথা অসমীয়া জাতিসত্বাৰ উত্তৰণৰ ক্ষেত্ৰত উৎসৰ্গিত অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ-২০২৩ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ৫ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত হ'ব জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ (Preparations for Jatiya Vidyalaya Convention in Jorhat)।

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট, শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই সমাৰোহখনিৰ আয়োজন কৰা হৈছে । ইতিমধ্যে এই সমাৰোহৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে (Jatiya Vidyalaya Convention-2023) ।

ৰাজ্যিক সমাৰোহখনিত ৰাজ্যৰ ২৫ খন জিলাৰ ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকিব । ইয়াৰ বাবে চ্যুকাফা ক্ষেত্ৰত নিৰ্মাণ কৰি থকা হৈছে বিশাল শিৱিৰ । সমাৰোহৰ বাবে ইতিমধ্যেই ২৮ খন উপ সমিতি গঠন কৰি সমাৰোহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে । বুধবাৰে পশ্চিম যোৰহাট চাউলুঙ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেলৰ (Jatiya Vidyalaya in Assam) ।

সংবাদমেলখনিত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ড৹ নাৰায়ণ শৰ্মাই । ড০ শৰ্মাই সমাৰোহৰ তিনিদিনৰ কাৰ্যসূচী সন্দৰ্ভত উল্লেখ কৰি কয় যে, সমাৰোহৰ প্ৰথম দিনা ৫ মে' তাৰিখে পুৱা প্ৰতিনিধি শিৱিৰ উদ্বোধন কৰিব যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই ।

ইয়াৰ পিছত বিয়লি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । আনহাতে ৬ মে' তাৰিখে পুৱা প্ৰত্যেক জাতীয় বিদ্যালয়ৰ নিজস্ব পতাকা উত্তোলন কৰা হ'ব । প্ৰায় সহস্ৰাধিক পতাকা একেলগে উত্তোলন কৰা হ'ব । ইয়াৰ পাচতে অনুষ্ঠিত হ'ব শৈক্ষিক সভা । য'ত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব ।

উক্ত শৈক্ষিক সভাত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্ত, চ্যুকাফা ক্ষেত্ৰৰ উপ সভাপতি ড৹ দয়ানন্দ বৰগোহাঞি, বিশিষ্ট বিজ্ঞানী ড৹ দীনেশ চন্দ্ৰ গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা সংবাদমেলত প্ৰকাশ কৰে । আনহাতে, উক্ত দিনা সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই ।

ইফালে সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ ৭ মে' তাৰিখে পুৱা উলিওৱা হ'ব এক বিশেষ সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত প্ৰতিফলিত হব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি । সাংস্কৃতিক শোভাযাত্ৰাত ২৫ খন জিলাৰ জাতীয় বিদ্যালয় সমিতিৰ নেতৃত্বত শিক্ষাৰ্থী, শিক্ষকৰ দলসমূহে জাতীয় জীৱনৰ সামগ্ৰীক উপাদানসমুহ উপস্থাপন কৰিব ।

ইয়াৰ পাছতে বিয়লি অনুষ্ঠিত হ'ব মুকলি সভা । উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । সংবাদমেলত ড৹ শৰ্মাই লগতে উল্লেখ কৰে যে, এই বৃহৎ সমাৰোহৰ বাবে কোনো ব্যক্তিৰ পৰা দান বৰঙনি সংগ্ৰহ কৰা হোৱা নাই ।

কেৱল জাতীয় বিদ্যালয় পৰিয়ালৰ অৰ্থ সাহায্য়ৰ জৰিয়তে এই সমাৰোহ আয়োজন কৰা হ'ব । এই সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হ'ব আৰু ই সকলোকে ইজনে সিজনক চিনাকি হোৱাৰ এক পৰিৱেশ প্ৰদান কৰাৰ লগতে এক আত্মিক পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰিব । আজিৰ সংবাদমেলত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় শিক্ষা সচিব ড৹ নাৰায়ণ শৰ্মা, সম্বন্বয়ক অমিয় কৃষ্ণ বৰুৱা, আদৰণি সমিতি সভাপতি ৰঞ্জিত বৰা আৰু সৌৰভ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল ।

লগতে পঢ়ক: GYPA Conference: বিৰোধী ঐক্য দেখি বুকু কঁপিছে জয়ন্ত আৰু পীযুষৰ; মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.