ETV Bharat / state

Eksharan Bhagwati Samaj: দহ লাখ ভকতক আদৰিবলৈ সাজু ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰ - ession of Eksharan Bhagwati Samaj at Meleng

একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি (Eksharan Bhagwati Samaj)। দহ লাখ ভকতক আদৰিবলৈ ভোজনালয়, এশটা চৌকাৰে ৰান্ধনিশাল নিৰ্মাণৰ কাম চলিছে পূৰ্ণোদ্য়মে ।

Session of  Golden jubilee of Eksharan Bhagwati Samaj
একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী
author img

By

Published : Jan 11, 2023, 5:03 PM IST

একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী

টীয়ক, ১১ জানুৱাৰী: অহা ২৭ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনাম (Session of Golden jubilee of Eksharan Bhagwati Samaj)। এই উপলক্ষে সজাই পৰাই তোলা হৈছে অধিৱেশনস্থলী । ভকতক আদৰিবলৈ দিনে-নিশাই অধিৱেশনস্থলীত কাম-কাজ অব্যাহত ৰাখিছে উদ্যোক্তাসকলে । এইবাৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামত ৰাজ্য়ৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় দহ লাখ ভকতৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে (Preparation of Session of Eksharan Bhagwati Samaj )।

ইতিমধ্য়ে বৃহৎ আকাৰৰ অধিৱেশনৰ মূল মণ্ডপ নিৰ্মাণ কৰাৰ উপৰি একেলগে দহ হাজাৰ লোকে খাব পৰা ভোজনালয়, এশটা চৌকাৰে ৰান্ধনিশাল নিৰ্মাণ কৰি থকা হৈছে (Session of Eksharan Bhagwati Samaj at Meleng)। উক্ত অধিৱেশনস্থলীত পাঁচ হাজাৰ বুঢ়া ভকতে নামৰ মালা জপ কৰিব পৰাকৈ অস্থায়ী নামঘৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে আয়োজকসকলে । উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰৰ অমৰ সৃষ্টিৰাজি চৰ্চাৰ ক্ষেত্ৰত অসমত এক শৰণ ভাগৱতী সমাজৰ অৱদান অপৰিসীম । জাক জমকতাৰ পৰা আঁতৰি কেৱল মাত্ৰ আধ্যাত্মিকতা ৰক্ষা কৰি এইসকল ভকত বৈষ্ণৱে উক্ত চাৰি দিনতেই হৰি নাম কীৰ্ত্তনত ব্যস্ত থাকিব বুলি আয়োজকসকলে মন্তব্য কৰিছে ।

ইপিনে,এই ব্যয়বহুল অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, সাংসদ-বিধায়ক উপস্থিত থাকিব (Eksharan Bhagwati Samaj Assam Golden jubilee celebration) । এইসকল বিশিষ্ট ব্যক্তিক আদৰিবলৈ তথা নিৰাপত্তাজনিত সকলো ব্যৱস্থা জিলা প্ৰসাশনৰ সহযোগত প্ৰায় সম্পূৰ্ণ কৰা হৈছে । ইপিনে, বিষয়ববীয়াসকলে আশা প্ৰকাশ কৰি কয় যে এইসকল ৰাজনীতিবিদৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰাৰ লগতে ৰাজনৈতিক ব্যস্ততাৰ মাজতে নিৰ্দিষ্ট সময়ৰ বাবে হ'লেও গুৰুমুখী হ'ব । এয়া ৰাজ্যখনৰ বাবে মংগলদায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে বিষয়ববীয়াসকলে ।

আয়োজকসকলে সদৰী কৰা মতে,অধিৱেশনৰ আটাইকেইদিনতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা, বাণিজ্য আৰু গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে । একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামত স্বাস্থ্য, খোৱাপানী আৰু যাতায়তৰ ক্ষেত্ৰত সকলোধৰণৰ সা-সুবিধাৰ ব্যৱস্থাৰ বাবে গঠন কৰা ২৩ খন উপ-সমিতিয়ে দহ লাখ ভকতক আদৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক: Bharat Jodo Yatra in Punjab: দলীয় কৰ্মী অনুৰাগীৰে পাঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.