ETV Bharat / state

মানৱ জাতিৰ সু-স্বাস্থ্য কামনাৰে ঢোলত চাপৰ সংযুক্তাশ্ৰী বৰাৰ - মানৱ জাতিৰ সু-স্বাস্থ্য কামনাৰে ঢোলত চাপৰ সংযুক্তাশ্ৰী বৰাৰ

দেশ তথা মানৱ জাতিৰ জটিল সময়ত চৰকাৰে ঘোষণা কৰা লক ডাউন ব্যৱস্থা মানিবলৈ মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাই ৰাইজক আহ্বান জনায় ৷ নিজ ঘৰতে আবদ্ধ হৈ সমগ্ৰ মানৱ জাতিৰ সুস্থ কামনা কৰিছে মহিলা ঢুলীয়া গৰাকীয়ে।

ETV BHARAT
মানব জাতিৰ সুস্থতা কামনাৰে মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাৰ ঢোলত চাপৰ
author img

By

Published : Apr 15, 2020, 11:59 AM IST

টীয়ক,15 এপ্ৰিলঃ বহাগৰ বতৰত হতাশ টীয়কৰ এগৰাকী মহিলা ঢুলীয়া ৷ নাম তেওঁৰ সংযুক্তাশ্ৰী বৰা ৷ সমুহ ৰাইজক চৰকাৰৰ নীতি নিৰ্দেশনা মানিবলৈ আহ্বান মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাৰ ৷

মানব জাতিৰ সুস্থতা কামনাৰে মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাৰ ঢোলত চাপৰ

ইতিমধ্যে সমগ্ৰ বিশ্বতেই কৰ'ণা ভাইৰাছে লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি নিছে ৷ এতিয়াও দেশত অব্যাহত আছে লক ডাউন ব্যৱস্থা ৷ ৰঙালী বিহুৰ বাবে ৰাইজ তথা সাজু হৈছিল টীয়কৰ অন্যতম মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাও । ইতিমধ্যে অসমৰ বিভিন্ন বিহু মঞ্চত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংযুক্তাশ্ৰীয়ে এতিয়া মনৰ হেঁপাহত ঘৰতে কান্ধত ঢোলটো লৈ চাপৰ মাৰিছে । বিহুৰ মঞ্চত এইবাৰ ঢোল বাদন কৰিবলৈ নাপায় এই গৰাকী শিল্পী হতাশ যদিও দেশ তথা মানৱ জাতিৰ জটিল সময়ত লক ডাউন সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ নিজ ঘৰতে আবদ্ধ হৈ দেশ তথা মানৱ জাতিৰ সুস্থতা কামনা কৰিছে মহিলা ঢুলীয়া গৰাকীয়ে। লগতে স্বাস্থ্যতকৈ বিহু ডাঙৰ নহয়,সেয়ে এইবাৰ ঘৰতে আবদ্ধ থাকি অহাবাৰলৈ দুগুণ উৎসাহেৰে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালীক আদৰিব বুলি সমূহ অসমবাসীক আহ্বান জনাইছে উদীয়মান শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক-উকা হৈ ৰৈছে ঐতিহাসিক লতাশিল বিহুতলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.