ETV Bharat / state

ঐতিহাসিক বৰভেটিত ভক্তিময় পৰিৱেশৰ মাজত টীম প্ৰতিঘাত - প্ৰতিঘাতৰ সকলো কলা কুশলী

যোৰহাটৰ বৰভেটিত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা 252 সংখ্যক ন-লগোৱা উৎসৱটিত সমাগম ঘটিছে 3 লাখ ভক্তৰ ৷ আঘোণৰ প্ৰথমটো দেওবাৰত ঐতিহাসিক মালৌপথাৰৰ বৰভেটিত উপস্থিত হয় টীম প্ৰতিঘাত ৷

বৰভেটিত টিম প্ৰতিঘাত
author img

By

Published : Nov 24, 2019, 7:27 PM IST

Updated : Nov 24, 2019, 8:32 PM IST

যোৰহাট,24 নৱেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা মায়ামৰা সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰটোৱেই হৈছে আঘোণ মাহৰ প্ৰথমটো দেওবাৰ । ঐতিহাসিক বৰভেটিৰ বছৰৰ প্ৰথম ন-লগোৱা উৎসৱ । যোৰহাটৰ বৰভেটিৰ ২৫২ সংখ্যক ন-লগোৱা উৎসৱটিত ১৫ খন জিলাৰ পৰা ৩ লাখ ভক্তৰ সমাগম ঘটিছে ৷ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে যোৰহাটৰ বৰভেটি । অন্যান্য ভক্তৰ লগতে দেওবাৰে বৰভেটিত উপস্থিত হৈছে আগন্তুক অসমীয়া ছবি প্ৰতিঘাতৰ সমূহ কলা-কুশলী ৷ অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী আৰু টীম প্ৰতিঘাতৰ সকলো কলা কুশলী বৰভেটিলৈ আহি অভিভূত হৈ পৰাৰ লগতে 6 ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিঘাতৰ বাবে বন্তি জ্বলাই আশীষ ল'লে প্ৰতিঘাত দলে ৷

ঐতিহাসিক মালৌপথাৰৰ বৰভেটিত টিম প্ৰতিঘাট।।

আজি আঘোনৰ প্ৰথমটো দেওবাৰ। ২৫২ বছৰ ধৰি আজিৰ এই দিনটোতে লোকাৰণ্য হৈ পৰে বৰভেটি।কিয়নো আজি বৰভেটিত অনুষ্ঠিত হয় ন-লগোৱা উৎসৱ।ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোত ভিৰ কৰেহি বৰভেটিত।লোকে লোকাৰণ্য হৈ পৰা বৰভেটি লৈ ঢাপলি মেলি আহিছে অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী আৰু টিম প্ৰতিঘাট সকলো কলা কুশলি।অভিনেত্ৰী গৰাকীয়ে প্ৰথমবাৰৰ বাবে আহি অভিভূত হৈ পৰিল বৰভেটিত। ৬ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্চিত্ৰ প্ৰতিঘাট ৰ বাবে সেৱা ললে টিম প্ৰতিঘাটৰ দলে।
Last Updated : Nov 24, 2019, 8:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.