ETV Bharat / state

এবছৰে সম্পূৰ্ণ নহ’ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম - টীয়কৰ অসম্পূৰ্ণ চৰকাৰী আৱাসগৃহ

টীয়কত এগৰাকী বিধৱা মহিলাৰ নামত অহা চৰকাৰী আৱাসগৃহৰ বাবদ আৱণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন ৷ টীয়ক গাঁও পঞ্চায়তৰ বিজেপিৰ এগৰাকী ৱাৰ্ড সদস্যাৰ স্বামী জনৈক দত্তৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ৷ এবছৰে সম্পূৰ্ণ নহ’ল মহিলাগৰাকীৰ চৰকাৰী আৱাসগৃহৰ নিৰ্মাণৰ কাম ৷

pradhan-mantri-awas-yojana-scheme-scandal
আধৰুৱা চৰকাৰী গৃহৰ নিৰ্মাণৰ কাম
author img

By

Published : Jul 6, 2021, 2:23 PM IST

টীয়ক, 6 জুলাই : যোৰহাট জিলাৰ টীয়ক সমষ্টি (Teok Constituency)ৰ পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনষ্ঠ সোণাৰী গাঁৱৰ অতি দৰিদ্ৰ মহিলা বুলু শইকীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana) আঁচনিৰ অধীনত এবছৰ পূৰ্বে লাভ কৰিছিল এটা চৰকাৰী আৱাসগৃহ । এগৰাকী জীয়ৰীসহ বিধৱা মহিলাগৰাকীৰ নামত অহা চৰকাৰী গৃহৰ বাবদ আৱণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই অভিযোগ উত্থাপন হৈছে পঞ্চায়তখনৰ বিজেপিৰ এগৰাকী ৱাৰ্ড সদস্যাৰ স্বামী জনৈক দত্তৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, বিজেপি দলৰ পালিনেতাগৰাকীয়ে কৌশলেৰে আৱাসগৃহটো নিৰ্মাণ কৰি দিয়াৰ নামত আবণ্টিত ধন হস্তগত কৰি গৃহ নিৰ্মাণ কৰাৰ পিছতো এবছৰে সম্পূৰ্ণ নহ’ল বুলু শইকীয়াৰ চৰকাৰী আৱাসগৃহটো । গৃহটোৰ বেৰ বা মজিয়াত নাই প্লাষ্টাৰ, আজিপৰ্যন্ত খিৰিকীত গ্লাছ লগোৱা নহ’ল ৷ কেৱল মাত্ৰ ঘৰটোৰ সন্মুখভাগৰ কিছু অংশ প্লাষ্টাৰ আৰু ৰং কৰি উক্ত স্থানত হিতাধিকাৰীক ৰখাই ফটো তুলি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাই কাম সামৰিলে ।

আধৰুৱা চৰকাৰী গৃহৰ নিৰ্মাণৰ কাম

ইফালে মহিলাগৰাকী এতিয়াও আশাবাদী যে, তেওঁৰ আধৰুৱা হৈ থকা গৃহটো সম্পূৰ্ণ হৈ উঠিব ৷

যি সময়ত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ বিজেপিৰ নেতাসকলে সাধাৰণ জনতাক মোহাচ্ছন্ন কৰি আহিছে, তেনে সময়তে বিজেপিৰ পালিনেতাই দৰিদ্ৰ লোকৰ বাবে আৱণ্টিত ধন উদৰস্থ কৰাৰ ঘটনা পোহৰলৈ অহাত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ দিনত চলি থকা দালালৰাজ বিজেপিৰ শাসনকালতো যেন অব্যাহত থকা প্ৰতিফলিত হৈছে । দৰিদ্ৰ লোকৰ বাবে অহা আঁচনিৰ ধন দালালৰূপী শাসকীয় দলৰ একাংশ পালিনেতাই কেনেকৈ উদৰস্থ কৰিছে সেই তথ্য সঁচাকৈয়ে আশ্চৰ্যজনক ৷

লগতে পঢ়ক : মৰাণৰ লেঙেৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.