ETV Bharat / state

অনাদায় বিদ্যুৎ বিল সন্দৰ্ভত চাহ শ্ৰমিকৰ সৈতে মত বিনিময় শক্তিমন্ত্ৰীৰ - বিদ্যুৎ বিল

মৰিয়নীত এখন সভাত অংশগ্ৰহণ কৰি শক্তি মন্ত্ৰী বিমল বৰাই চাহ বাগিচাৰ শ্ৰমিকসকলৰ নামত অহা আৰু অনাদায় হৈ থকা বিদ্যুৎ বিলৰ সুদ কৰ্তন কৰি মাত্ৰ বিদ্যুৎ বিলৰ কিস্তি হিচাপত পৰিশোধ কৰাৰ সম্পৰ্কত বিবেচনা কৰিব বুলি আশ্বাস দিয়ে ।

মৰিয়নিৰ বিদ্যুৎ বিল অনাদায় হৈ থকা 32 খন চাহ বাগিচা কতৃপৰ্ক্ষৰ সৈতে শক্তি মন্ত্ৰীৰ আলোচনা

author img

By

Published : Jul 18, 2021, 9:47 PM IST

যোৰহাট, 18 জুলাই : অসম চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাই (BIMAL BORAH) দেওবাৰে মৰিয়নীৰ সোণোৱাল চাহ বাগিচাত উপস্থিত হৈ কেইবাটাও শ্ৰমিক পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সৈতে বিদ্যুৎ বিল(অনাদায়)ৰ সন্দৰ্ভত কথা পাতে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ৰ বিদ্যুৎ বিলৰ সন্দৰ্ভত থকা সমস্যাসমূহৰ বুজ লয় ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে চাহ বাগিচাখনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভাতো অংশগ্ৰহণ কৰে ৷

সভাত মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত মৰিয়নী সমষ্টিৰ বিভিন্ন চাহ বাগিচাত অনাদায় হৈ থকা বিদ্যুৎ বিল সম্পৰ্কত সমষ্টিটোৰ ৩২ খন চাহ বাগিচাৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী বিমল বৰা ৷ শ্ৰমিকসকলৰ নামত অহা অনাদায় হৈ থকা বিদ্যুৎ বিলৰ সুদ কৰ্তন কৰি মাত্ৰ বিদ্যুৎ বিল কিস্তি হিচাপত পৰিশোধ কৰাৰ সম্পৰ্কত শক্তি মন্ত্ৰী গৰাকীয়ে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে । সভাত শক্তি মন্ত্ৰী গৰাকীয়ে বিদ্যুৎ বিল সন্দৰ্ভত বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰাৰ লগতে নিয়মীয়া তথা ২৪ ঘণ্টাই বিদ্যুৎ সেৱা অব্যাহত ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহায় সহযোগিতাও কামনা কৰে ৷

মৰিয়নিৰ বিদ্যুৎ বিল অনাদায় হৈ থকা 32 খন চাহ বাগিচা কতৃপৰ্ক্ষৰ সৈতে শক্তি মন্ত্ৰীৰ আলোচনা
চাহ শ্ৰমিকৰ সৈতে মত বিনিময় শক্তিমন্ত্ৰীৰ

জনসাধাৰণক নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ সেৱা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভতো ৰাইজক অৱগত কৰে ৷ দেওবাৰে এই কাৰ্যসূচীত শক্তি মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে (APDCL)ৰ মুখ্য বাণিজ্যিক প্ৰৱন্ধক মনোৰঞ্জন কলিতা আৰু পুতুল ভাগৱতী, মুখ্য মহা প্ৰবন্ধক প্ৰদীপ বৰা, যোৰহাট সংমণ্ডলৰ প্ৰৱন্ধক আবুনেচিম ফকৰুদ্দিন আৰু CEO মুকুট চন্দ্ৰ দাস ৷ উল্লেখ্য যে, ৰাজ‍্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMANTA BISWA SARMA) নেতৃত্বত নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পৰাই কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে ।

সেইক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) । ৰাজ‍্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ (BIMAL BORAH) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ‍্যুৎ সংযোগ লাভ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এপিডিচিএলে (APDCL) । এই শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা কাৰ্য‍ এতিয়া এচাম অসৎ বিদ‍্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ।

বিগত সময়চোৱাত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল বিভাগটোৱে ৷ সম্প্ৰতি মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ইতিমধ‍্যে বিদ‍্যুৎ চুৰিত সিদ্ধহস্ত বৃহৎ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাধাৰণ গ্ৰাহকলৈকে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে । ইতিমধ্যে মন্ত্ৰীজনে বিভাগটো সংস্কাৰৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে ।

লগতে পঢ়কঃ শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.