ETV Bharat / state

যোৰহাটৰ ঢেকৰগড়াত হাঁহ আৰু কুকুৰা পালনৰ প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Jun 29, 2022, 10:40 PM IST

নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ স্বাৰ্থত যোৰহাট প্ৰশাসনে আয়োজন কৰিছে হাঁহ-কুকুৰা পালনৰ প্ৰশিক্ষণ শিবিৰ (Poultry farming training in Jorhat)। ঢেকৰগড়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই শিবিৰ । অঞ্চলটোৰ বহু যুৱক-যুৱতীৰ অংশগ্ৰহণ ।

Poultry farming
যোৰহাটৰ ঢেকৰগড়াত হাঁহ আৰু কুকুৰা পালনৰ প্ৰশিক্ষণ শিবিৰ

যোৰহাট,২৯ জুন : যোৰহাট জিলা প্ৰশাসন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত যোৰহাটত এক আদৰণীয় পদক্ষেপ । নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই । তাৰ অংশস্বৰূপে ঢেকৰগড়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত হাঁহ-কুকুৰা পালনৰ প্ৰশিক্ষণ প্ৰদানৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় (Poultry farming training in Jorhat)।

বুধবাৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উন্নয়ন খণ্ডটোৰ খণ্ড বিষয়া বিহঙ্গী ভাগৱতীয়ে ৷ তিনিদিনীয়াকৈ চলিব এই প্ৰশিক্ষণৰ কাৰ্যসূচী । আৰম্ভণিৰ দিনাই স্থানীয় বহু সংখ্যক যুৱক-যুৱতীয়ে হাঁহ-কুকুৰা প্ৰশিক্ষণ গ্ৰহণ কৰে ৷

বাঘচোঙস্থিত জিলা কুকুৰা ফাৰ্মৰ পৰিচালক ডা: ছাৰোৱাৰ ছাদেৰ, পুৰণিমাটি আৰু ঢেকৰগড়াৰ পশু চিকিৎসা বিষয়া ক্ৰমে ডা: জিৱেশ কমল দাস আৰু ডা: পদ্মাৱতী মাছিয়াই বৈজ্ঞানিক পদ্ধতিৰে হাঁহ, কুকুৰা পালন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণত হাঁহ, কুকুৰাক দিবলগীয়া খাদ্য, বেমাৰৰ প্ৰতিষেধক, হাঁহ আৰু কুকুৰাক কেনে ঠাইত ৰখা উচিত আদি বিভিন্ন দিশসমূহ বহলাই বুজাই দিয়া হয় ৷

উল্লেখ্য যে, অহা ৩০ জুন আৰু ১ জুলাইতো হ'বলগীয়া প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীত ইচ্ছুকসকলক অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে আহ্বান জনাইছে (Jorhat administration organizes poultry training camp)৷ প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা পশু চিকিৎসা বিষয়া ডা: ভূপেন দাস, বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ লগতে ঢেকৰগড়া উন্নয়ন খণ্ডৰ বহু কেইজন বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :ডিফু কলেজত WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.