ETV Bharat / state

Sanskrit school in Dergaon: দেৰগাঁৱত সংস্কৃত টোলত ১৫ শিক্ষকৰ বিপৰীতে ২২ গৰাকী শিক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:39 PM IST

সংস্কৃত টোল শিক্ষা ব্যৱস্থাত অৰাজকতা । দেৰগাঁৱৰ জয়নাথ সংস্কৃত টোলে ৰাজ্যৰ টোল শিক্ষা ব্যৱস্থাৰ বাস্তৱ ছৱিখন উদঙাই দিছে ।

Joynath Sanskrit school in Dergaon
ৰাজ্যৰ সংস্কৃত টোল শিক্ষা ব্যৱস্থা
ৰাজ্যৰ সংস্কৃত টোল শিক্ষা ব্যৱস্থা

যোৰহাট, ১৩ ছেপ্টেম্বৰ: ৰাজ্যৰ সংস্কৃত টোল শিক্ষা ব্যৱস্থাত অৰাজকতাই বিৰাজ কৰাৰ অভিযোগ উত্থাপিত হৈছে । দেৰগাঁৱৰ এখন সংস্কৃত টোলত ৪ জন শিক্ষকে শিক্ষাদান দিয়ে ৭ গৰাকী শিক্ষাৰ্থীক । দেৰগাঁৱৰ এইখন সংস্কৃত টোলৰ বিষয়ে ভয়ংকৰ ছৱি উদঙাই দিয়াত ৰাইজৰ চকু কপালত উঠিছে ।

বৰ্তমান ৰাজ্যত টোল শিক্ষা ব্যৱস্থা কি পৰ্যায়ত আছে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব । দেৰগাঁৱৰ জয়নাথ সংস্কৃত টোলে ৰাজ্যৰ টোল শিক্ষা ব্যৱস্থাৰ বাস্তৱ ছৱিখন প্ৰতিফলিত কৰিছে । দেৰাগাঁৱৰ জয়নাথ সংস্কৃত টোলত বৰ্তমান চাৰিজন শিক্ষকে সাতগৰাকী শিক্ষাৰ্থীক শিক্ষা দান কৰি আহিছে । কিন্তু এই সাতগৰাকী শিক্ষাৰ্থীৰ নাম কাগজে পত্ৰই দেখুওৱা হৈছে যদিও প্ৰকৃততে কিমান শিক্ষাৰ্থী আছে তাৰ তথ্য় পোৱা নাযায় ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিয়ে তথ্য জনা অধিকাৰ আইনৰ অধীনত বিচৰা তথ্যত এই গোপন কাহিনী ফাদিল হৈছে । তাৎপৰ্যপূৰ্ণ যে উক্ত শিক্ষককেইজন বিনা বাধায়ে নিজৰ ইচ্ছা অনুসৰি মন গ'লেহে শিক্ষানুষ্ঠানখনলৈ আহে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে, দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ বিষয়ববীয়াই কয় যে বৰ্তমান গোলাঘাট জিলাত ৪খন সংস্কৃত টোলত ১৫ জন শিক্ষক বিপৰীতে ১৮ ৰ পৰা ২২ গৰাকী শিক্ষাৰ্থীহে আছে ।

সেয়ে উক্ত শিক্ষানুষ্ঠানকেইখন একত্ৰিত কৰি এখন পুৰ্ণাংগ শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰি যিসমূহ বিদ্যালয়ত শিক্ষকৰ সমস্যা আছে সেই সমূহ বিদ্যালয়ত গুই বহি দৰমহা ভোগ কৰি থকা শিক্ষক কেইজনক দায়িত্বত নিয়োজিত কৰিব লাগে বুলি কয় দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিয়ে ।

উল্লেখ্য় যে ৰাজ্যত থকা বহু সংস্কৃত টোলত ব্যাপক হাৰত ছাত্র -ছাত্ৰীৰ সংখ্য়া হ্ৰাস পাবলৈ ধৰিছে । এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বাবে সংস্কৃত টোলত এই অৰাজকতাই বিৰাজ কৰিছে বুলি দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে । সংস্কৃত টোল শিক্ষা ব্যৱস্থাত চলি থকা অৰাজকতাই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ছৱিখন পুনৰ প্ৰমাণ কৰিলে বুলি দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ সদস্য়সকলে কয় ।

লগতে পঢ়ক:Dhemaji commerce college viral video:ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.