ETV Bharat / state

যোৰহাটত বলপূৰ্বক ভাৱে বজাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল আৰক্ষী - public gathering

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰ তথা জিলা প্ৰশাসনৰ বিশেষ ব্য়ৱস্থা ৷ যোৰহাটৰ বজাৰত সৃষ্টি হোৱা ব্য়াপক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বলপূৰ্বকভাৱে বজাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল আৰক্ষী প্ৰশাসন ৷

police seal market at jorhat
যোৰহাটত বলপূৰ্বক ভাৱে বজাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল আৰক্ষী
author img

By

Published : Mar 24, 2020, 2:48 PM IST

যোৰহাট,24 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰ তথা জিলা প্ৰশাসনে বাৰে বাৰে জনতাক আহ্বান জনোৱাৰ পাছতো জনতাই উপলব্ধি কৰিব পৰা নাই এই মাৰাত্মক ৰোগৰ ভয়াৱহতা। যোৰহাট জিলা প্ৰশাসনে এই ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা প্ৰযোজ্য কৰাৰ পাছতো একাংশ নাগৰিকে তথা ব্যৱসায়ীয়ে অনাহকত বজাৰত ভিৰ কৰাত যোৰহাট জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে বজাৰ বন্ধ কৰাবলৈ বাধ্য হৈ পৰিল। আনহাতে জিলা প্ৰশাসনে বাৰে বাৰে অনুৰোধ জনাই আহিছিল যদিও ৰাইজে সঁহাৰি নজনোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ল যোৰহাট জিলা প্ৰশাসন ৷

যোৰহাটত বলপূৰ্বক ভাৱে বজাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল আৰক্ষী
ইতিমধ্যে যোৰহাট চহৰত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যোৰহাট প্ৰশাসনে। ইয়াৰ বিপৰীতে ঔষধ আৰু গেলামাল প্ৰতিষ্ঠান খোলাৰ অনুমতি দিয়া হৈছে ৷

লগতে পঢ়কঃক'ভিড-19-ৰ বিশ্বজোৰা এক সমীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.