মৰিয়নী,13আগষ্টঃদেশৰ 74 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যত তৎপৰ হৈ পৰিছে এতিয়া আৰক্ষী প্ৰশাসন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিয়নী আৰক্ষী প্ৰশাসনেও অব্যাহত ৰাখিছে তালাচী অভিযান ৷
অসম নাগালেণ্ড সীমান্তৰ মৰিয়নীত বিভিন্ন ঠাইত আৰক্ষীয়ে জোৰদাৰ তালাচী অভিযান অব্যাহত ৰাখিছে ৷ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত মৰিয়নীত যাতে আগন্তুক স্বাধীনতা দিৱসৰ উপলক্ষে দুষ্কৃতিকাৰীয়ে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে মৰিয়নী আৰক্ষীয়ে ৷
লগতে পঢ়কঃস্বতন্ত্ৰতা দিৱসৰ বাবে পূৰ্ণগতিত ভাৰতীয় সেনাৰ অনুশীলন