যোৰহাট, 24 জুলাইঃ মাজুলী আৰক্ষীয়ে অমানৱীয় কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এজন গাঁওবুঢ়াক উপৰ্যুপুৰি প্ৰহাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ ঘোচাত দুটাকৈ দাঁত ভাঙি চিকিৎসাধীন হ’ব লগীয়া হৈছে গাঁওবুঢ়াজন ৷
মাজুলীৰ মালাপিন্ধাৰ ভদ্ৰকান্ত দ’লে নামৰ লাট গাঁওবুঢ়া জনক মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰা বুলি প্ৰকাশ কৰিছে পত্যক্ষদৰ্শীয়ে ৷ বান পৰিস্থিতি সম্পৰ্কে খবৰ ল'বলৈ যোৱাৰ সময়তে মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষীৰ ভুকু-ঘোচাত চিকিৎসাধীন হ’ব লগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ আনহাতে আৰক্ষীৰ এই বৰ্বৰতাক সমালোচনা কৰি আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিছে মাজুলীৰ একাংশ ৰাইজ ৷
লগতে পঢ়কঃ প্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল