ETV Bharat / state

Field problems in Teok: জলমগ্ন খেলপথাৰত খেলুৱৈৰ অনুশীলন

author img

By

Published : Aug 5, 2023, 2:05 PM IST

জৰাজীৰ্ণ টীয়ক হাইস্কুলৰ খেলপথাৰ । অধিক সময় জলমগ্ন হৈ থকাত খেলুৱৈ সকল বঞ্চিত হ'ব লগা হৈছে অনুশীলনৰ পৰা । শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী স্থানীয় ৰাইজ তথা দল-সংগঠনৰ ।

Players practice in submerged ground in Teok
জলমগ্ন খেলপথাৰত খেলুৱৈৰ অনুশীলন

জলমগ্ন খেলপথাৰত খেলুৱৈৰ অনুশীলন

টীয়ক,৫ আগষ্ট: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত আমোল পৰিৱৰ্তন অনাৰ কথা কোৱা চৰকাৰখনৰ দিনত এখন খেলপথাৰে উদঙাইছে উন্নয়ণৰ ফোঁপোলা স্বৰূপ । এফালে ৰাজ্যত ইখনৰ পাছত সিখনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে সেই সময়তে এখন খেলপথাৰৰ বাবে ৰাজ্যৰ খেলুৱৈসকল থমকি ৰ'বলগা হৈছে ।

একেই সমস্যাৰ সন্মুখীন হৈছে টীয়কৰ একাংশ খেলুৱৈ । টীয়কৰ খেলুৱৈসকলৰ অনুশীলনৰ বাবে থকা একমাত্ৰ খেলপথাৰ টীয়ক হাইস্কুলৰ খেলপথাৰখনৰ কৰ্দযৰূপে খেলুৱৈসকলক অনুশীলনত বাধাৰ সৃষ্টি কৰিছে । খেলপথাৰখনৰ কাষেৰে বৈ যোৱা টীয়ক নদীৰ জলপৃষ্ঠ সামান্য বৃদ্ধি পালেই বুৰাই পেলাই খেলপথাৰখন ।

পূৰ্বতে নদীৰ এই বাঢ়নী পানীয়ে এদিন বা দুদিন খেলপথাৰখন বুৰাই ৰাখিলেও নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱা লগে লগে খেলপথাৰৰ পৰাও পানী ওলাই গৈছিল । কিন্তু টীয়ক পৌৰসভাই অপৰিকল্পিতভাৱে খেলপথাৰখনৰ কাষত নিৰ্মাণ কৰা পকী নলাৰ ত্ৰুটিপূৰ্ণ কামৰ বাবে খেলপথাৰখনৰ পানী নিস্কাষণৰ পৰিবৰ্তে আৱদ্ধ হৈ থকাত খেলপথাৰখনৰ এনে এক অচলাৱস্থাৰ সৃষ্টি হোৱাত খেলুৱৈ,ক্ৰীড়া সংগঠকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে উক্ত খেলপথাৰখনৰ উন্নীতকৰণৰ বাবে টীয়কৰ বিভিন্ন দল-সংগঠনে চৰকাৰী পক্ষক দাবী জনাই আহিছে যদিও এই পৰ্যন্ত খেলপথাৰখন খেলাৰ উপযোগী কৰি তুলিবলৈ চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।

সেয়ে অহা চেপ্তেম্বৰ মাহত অসম চৰকাৰে কেবিনেট মন্ত্ৰীসকলে অসমৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ অভাৱ অভিযোগসমূহ পৰ্যবেক্ষণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ মাজতে টীয়কৰ এই দীৰ্ঘদিনীয়া সমস্যাটিও গুৰুত্ব প্ৰদান কৰি তথা প্ৰত্যক্ষ কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৰাইজ তথা দল-সংগঠনে ।

লগতে পঢ়ক: Encounter in JKs kulgam : সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ 3 সেনা জোৱান, অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.