ETV Bharat / state

Durga puja in Jorhat : প্লাষ্টিক মুক্ত পূজা মণ্ডপে আকৰ্ষিত কৰিছে যোৰহাটবাসীক

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 1:35 PM IST

প্লাষ্টিক মুক্ত পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে যোৰহাটবাসীক । ৰাজ্যত আৰম্ভ হ'ল সপ্তমীৰ পূজা অৰ্চনা ৷ উখল মাখল যোৰহাটৰ পৰিৱেশ ।

Durga puja in Jorhat
শনিবাৰে পুৱাৰে পৰা ৰাজ্যত আৰম্ভ হ'ল সপ্তমীৰ পূজা

যোৰহাট, 21 অক্টোবৰ : ষষ্ঠী বেদীত মা দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা পাচত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হ'ল সপ্তমীৰ পূজা । উৎসৱৰ এই বতৰত সীমাহীন আনন্দ উল্লাস পৰিলক্ষিত হৈছে ৰাজ্যবাসীৰ মাজত । সপ্তমী পূজা আৰম্ভ হোৱা লগে লগে যোৰহাটৰ সকলো পূজা মণ্ডপতে শুনিবলৈ পোৱা গৈছে পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু ঢাক ঢোলৰ শব্দ ।

সপ্তমী পূজা আৰম্ভ হোৱাৰ লগে মা দেৱী দুৰ্গা ওচৰত আশীষ ল’বলৈ ভক্তগণে ভিৰ কৰা পৰিলক্ষিত হৈছে । যোৰহাট ৰূপহী আলি পূজা সমিতিয়ে প্ৰত্যক বছৰ দৰে এই বছৰো এক ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ সাজি উলিয়াইছে ৷ এইবাৰ প্লাষ্টিক বৰ্জন থীম লৈ সাজি উলিয়াইছে এক আকৰ্ষণীয় পূজা মণ্ডপ ।

নাৰিকল পাত আৰু আৰ্গেনিক যুক্ত সামগ্ৰী উক্ত পূজা মণ্ডপত ব্যৱহাৰ কৰা হৈছে ৷ ফলত এই ব্যতিক্ৰমী পূজা মণ্ডপে যোৰহাটবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে আইন শৃংখলা পৰিস্থিতি যাতে বিঘ্নিত নহয়, তাৰ বাবে পূজা মণ্ডপত ব্যৱহাৰ কৰা হৈছে চি চি টিভি কেমেৰাও ।

উল্লেখ্য যে, ভক্তপ্ৰেমী ৰাইজে যাতে দুৰ্গা পূজা উপভোগ আৰু আশীষ লোৱা সময়ত কোনো বিশৃংখলতাৰ সৃষ্টি নহয় আৰু কোনো দুবৃৰ্ত্তই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰে বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ লগতে বিশেষ আৰক্ষীৰ অধীনত তহলদাৰী ব্যৱস্থা কৰি তুলিছে যোৰহাট আৰক্ষী প্ৰশাসনে ৷

ইফালে ষষ্ঠীৰ নিশা সুৰাপান কৰি তাণ্ডৱ চলোৱা একাংশ লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে যোৰহাট আৰক্ষী ।

লগতে পঢ়ক : Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.