ETV Bharat / state

যোৰহাটৰ এক বৃদ্ধ দম্পতীৰ কৰুণা গাঁথা - সুৰেণ শৰ্মা

চৰকাৰে দৰিদ্ৰ লোকৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে যদিও কাৰ্যত এইবোৰ আঁচনিয়ে ঢুকি নাপায় সমাজৰ একাংশ লোকক । যোৰহাটৰ বৃদ্ধ দম্পতীৰ দুৰৱস্থা দেখিলে চকু সেমেকিব আপোনাৰ । ভগা বেৰ, ঘৰৰ চালৰ জৰাজীৰ্ণ অৱস্থা । উৰুখা পজাত অতি কষ্টেৰে দিন অতিবাহিত কৰিছে বৃদ্ধ দম্পতীয়ে ।

Pathetic condition of a family, Jorhat
Pathetic condition of a family, Jorhat
author img

By

Published : Jun 2, 2021, 11:13 PM IST

যোৰহাট, ২ জুন : জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা ন্যূনতম সা-সুবিধা খিনিৰ পৰাও বঞ্চিত হৈছে যোৰহাটৰ পতিয়া গাঁৱৰ বামুণৰ চুকৰ এক দম্পতী । ঘৰ বুলিবলৈ আছে মাথোঁ এখন টিনপাতৰ চালি আৰু ভগা বেৰকেইখন । এজাক বৰষুণতে ঘৰৰ ভিতৰত কৰ্দযময় পৰিৱেশৰ সৃষ্টি হয় । এসময়ত ঘৰে ঘৰে বাতৰি কাকত বিলাইছিল ঘৰটোৰ গৰাকী সুৰেণ শৰ্মাই । পিছত তেওঁ গাঁৱৰ ৰাজহুৱা কামত ব্যস্ত হৈ পৰে । কিন্তু অকস্মাতে পৰি শৰীৰত আঘাত পোৱাৰে পৰা শয্যাশায়ী হয় বৃদ্ধগৰাকী । যোৰহাটত চিকিৎসা কৰিও কোনো সুফল পোৱা নাই তেওঁলোকে । উন্নত চিকিৎসা দূৰৰে কথা দুবেলা-দুমুঠি যোগাৰ কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ।

যোৰহাটৰ এক বৃদ্ধ দম্পতীৰ কৰুণা গাঁথা

এতিয়া ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হৈছে সুৰেণ শৰ্মাৰ পত্নী । আনৰ ঘৰত কাম কৰি সুৰেণ শৰ্মাৰ পত্নীয়ে কোনোমতে ঘৰখনৰ খৰচ বহন কৰি আছে । এনে পৰিস্থিতিত তেওঁ স্বামীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাবলৈ অপাৰগ । উজ্জলা যোজনা, অৰুণোদয় আঁচনিৰ সুবিধাকে ধৰি চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰা নাই বুলি অভিযোগ তুলিছে সুৰেণ শৰ্মাৰ পত্নী ।আনকি চৰকাৰী গৃহ এটাও পোৱা নাই নিঃসন্তান দম্পতীয়ে । বিগত আঠ বছৰে অসুস্থ হৈ আছে ৭৩ বছৰীয়া সুৰেণ শৰ্মা । এতিয়া খোজ কাঢ়িবলৈও অসমৰ্থ বৃদ্ধ লোকজন ।

আনহাতে, এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত সদৌ অসম ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত এটা সঁজাতি দল সুৰেণ শৰ্মাৰ বাসগৃহত উপস্থিত হয় । নিজে হাতে-কামে লাগি টিনপাত আৰু তৰ্জা বেৰেৰে বাসগৃহটো নিৰ্মাণ কৰি দিয়ে ছাত্ৰ সন্থাৰ সদস্যসকলে । চৰকাৰে আঁচনি গ্ৰহণ কৰে ঠিকেই, কিন্তু বহু দৰিদ্ৰ লোকে এনে আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয় । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কাৰ ভুলৰ বাবে প্ৰকৃত হিতাধিকাৰীয়ে এনে সুবিধা লাভৰ পৰা বঞ্চিত হৈ যাতনা ভুগিবলগীয়া হয় ।

লগতে পঢ়ক:কামপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.